হৃদয়ৰ কাৰেং
ৰাখী মণি কলিতা
হাজৰিকাপাৰা ,দৰং
হৃদয়ৰ গভীৰতাত
নীৰৱে থিয় হৈ আছে এখন কাৰেং,
সপোনৰ ভেঁটি আৰু আবেগৰে,
সময়েই যেন তাক গঢ়ি তুলিছে।
এই কাৰেঙৰ দেৱালত
লিখা আছে অগণন কাহিনী—
শৈশৱৰ হাঁহি, যৌৱনৰ উন্মনা সপোন,
আৰু নিঃশব্দে বুকুত সুমুৱাই ৰখা
অসংখ্য বেদনাৰ গাথা।
কেতিয়াবা প্ৰেমৰ কোমল পোহৰে
কাৰেংখন উজলাই তোলে,
মনৰ আকাশত জোনাকী নামে,
অনুভৱৰ ফুল ফুলে।
আকৌ কেতিয়াবা সময়ৰ ধুমুহাই
এই কাৰেং কঁপাই তোলে নীৰৱে,
তথাপিও ভাঙি নপৰে কেতিয়াও,
কাৰণ ইয়াৰ অন্তৰত জ্বলি থাকে
আশাৰ এটি দীপ্তমান চাকি।
যাৰ উজ্জ্বল পোহৰে,
অন্ধকাৰৰ মাজতো পোহৰৰ বাট দেখুৱাই।
