হৃদয়খন কঠিন হোৱা হ’লে
সুৰজিৎ ভৰালী,ধিং
বহু যুগৰ শেলুৱৈ ধৰা
শিলৰ দৰে
মোৰ হৃদয়খন
কঠিন হোৱা হ’লে,
গাত ৰ’দ নলগা
বৰষুণ নপৰা
মানুহৰ দৰে
সহিষ্ণু হৈ উঠা হ’লে,
তেতিয়া হয়তো বেদনাবোৰ
অনুভৱ নহ’লহেঁতেন,
তোমাৰ উশাহত
মোৰ মৰম নোপজিলেহেঁতেন…
দুখৰ স্মৃতি সুঁৱৰি
এন্ধাৰৰ এচুকত হয়তো
কোনোদিনেই
উচুপি নুঠিলেহেঁতেন
মোৰ কোমল কলিজাই…!