হিল ষ্টেচন উটিলৈ ভ্ৰমণ – শৈলেন কুমাৰ

হিল ষ্টেচন উটিলৈ ভ্ৰমণ 

 শৈলেন কুমাৰ,মিৰ্জা ( কামৰূপ )

নতুনত্বই জীৱনত আনে আনন্দ ৷ নতুনত্বৰে জীৱনত আনন্দৰ সন্ধান বিচাৰি মই মোৰ সহধৰ্মিণীক লগত লৈ হিল ষ্টেচন উটি ভ্ৰমণ কৰিবলৈ ওলালো ৷ ১৬ মাৰ্চৰ দিনৰ ৩ বজাত উৰাজাহাজেৰে গুৱাহাটীৰ পৰা বেংগালুৰু লৈ যাত্ৰা ৷ নিৰ্ধাৰিত সময়ৰ পূৰ্বে আমি গৈ বিমানবন্দৰত উপস্থিত হওঁ,বিমানবন্দৰৰ যাৱতীয় কামকাজ বোৰ সম্পন্ন হোৱাৰ পাছত আমি উৰাজাহাজত বহি সন্ধিয়া ঠিক ৬:৩০ বজাত আমি বেংগালুৰু বিমানবন্দৰত উপস্থিত হওঁ ৷ বেংগালুৰু বিমানবন্দৰৰ পৰা টেক্সি ভাড়া কৰি বেংগালুৰুৰ মেজেস্তি বাছ আস্থানত গৈ পাওঁ ৷ মুৰামুৰি সময়ত বাছ আস্থান গৈ পোৱাৰ হেতুকে আমি অনলাইন টিকট ক্ৰয় নকৰি ট্ৰেভেল এজেঞ্চিৰ সহায় লৈ বাছৰ টিকট ক্ৰয় কৰিলোঁ ৷ কিন্তু পাৰাপক্ষত ট্ৰেভেল এজেঞ্চিত টিকট ক্ৰয় নকৰাটো মংগল কাৰণ অসাধু ট্ৰেভেল এজেঞ্চিৰ দালাল বোৰে আপোনাৰ অসুবিধাৰ সুযোগ বুজি আপোনাক ঠগিব বিচাৰে ৷ ৰাতি তেতিয়া ৯:৩০ মান বাজিছে,বাছ আস্থানৰ কাষতে লাগি থকা এখন হোটেলত নৈশ আহাৰ গ্ৰহণ কৰি আমি ১০ বজাত বাছত উঠি তামিলনাডুৰ হিল ষ্টেচন উটি অভিমুখে ৰাওনা হওঁ ৷ বেংগালুৰুৰ পৰা উটিলৈ ৪৮০ কিলোমিটাৰ দুৰত্ব মানে ৬/৭ ঘণ্টাৰ ৰাষ্টা ৷ গোটেই ৰাতি আমি বাছত যাত্ৰা কৰি ৰাতিপুৱা ৭ বজাত তামিলনাডুৰ উটিত উপস্থিত হ’লোঁ ৷ বাছৰ পৰা অৱতৰণ কৰি প্ৰথম খোজ উটি চহৰৰ মাটিত থওঁতেই অনুভৱ কৰোঁ সেমেকা বতাহ আৰু ডাৱৰৰে ঘেৰি ধৰা ভূস্বৰ্গ সদৃশ পৰিবেশৰ ৷ যিহেতুকে আমি আগতীয়াকৈ হোটেল বুকিং কৰি ৰাখিছিলোঁ তাৰবাবে হোটেলৰ পৰা আমাক নিবলৈ গাড়ী এখন আহি বাছ আস্থানত ৰৈ আছিল ৷ গাড়ী বহি আমি হোটেল পালোঁ ৷ হোটেলৰ সকলো কৰ্মচাৰী তামিল,তামিল সকলৰ অতিথিপৰায়ণত অতিকৈ সন্তুষ্টি লাভ কৰিলোঁ ৷ তেওঁলোক সকলো শান্তিপ্ৰিয়,শান্তিপূৰ্ণ পৰিৱেশত শান্তিৰে জীৱনযাপন কৰাত বিশ্বাসী,উৎশিংখলতা আৰু বিশৃংখলতা তেওঁলোকৰ মুঠেই প্ৰিয় নহয় ৷ হোটেলত গাপা ধুই উটিৰ বিভিন্ন ঠাই ফুৰিবলৈ ৰেডি হ’লো,ৰাতিপুৱাৰ চাহকাপ হোটেল কৰ্তৃপক্ষৰ পৰা অতিথি আপ্যায়নৰ বাবে বিনামূলীয়া,চাহৰ নাস্তা হিচাপে দক্ষিণ ভাৰতৰ বিখ্যাত ইডলী,দোছা,সাম্ভাৰ খোৱাৰ সৌভাগ্য উপজিল ৷ আমাৰ উটি ভ্ৰমণৰ পেকেজটো দুই নিশা আৰু তিনি দিনৰ আছিল ৷ ভ্ৰমণৰ বাবে আৱশ্যক গাড়ীৰ ব্যৱস্থা হোটেলৰ পৰা কৰি থোৱা আছিল ৷ প্ৰথম দিনাখন বলীউডৰ ছবিৰ দৃশ্যগ্ৰহণ কৰা পাইকাৰা হ্ৰদ, ৱেনলক ৯ মাইল শ্বুটিং পইণ্ট, পাইন ফৰেষ্ট,পাইকাৰা জলপ্ৰপাত,তৃপাৰ্ক ৮ মাইল ভ্ৰমণ কৰি আমি হোটেলৰ ৰুমলৈ উভতিলো ৷ সন্ধিয়া হোৱাৰ লগেলগে উটিত ঠাণ্ডা বাঢ়িব ধৰে,হোটেলৰ কোঠালিৰ বেলকনিৰ পৰা উটি চহৰখনৰ লাইটৰ চিকমিকনি আৰু মৃদু ঠাণ্ডা বতাহ জাকে অন্তৰমন সন্তুষ্টিৰে ভৰাই তোলে, সন্ধিয়াৰ সেই ঠাণ্ডা উপভোগ কৰিবলৈ মই আৰু মোৰ সহধৰ্মিনীয়ে দুকাপ চাহলৈ সন্ধিয়াৰ সময়খিনি হোটেলৰ কোঠালিৰ বেলকনিত পাৰ কৰোঁ ৷ শান্ত পৰিৱেশত নিৰল নিস্তব্ধতাই দুয়োৰে মনপ্ৰাণ ভৰাই তুলিলে ৷ নিশাৰ সাঁজ আমি হোটেলৰ কোঠালিতে দিবলৈ হোটেলৰ কৰ্তৃপক্ষক অনুৰোধ জনালোঁ কাৰণ ঠাণ্ডাৰ বাবে আমি বাহিৰত ওলাই নেযাওঁ বুলি থিৰাং কৰিলোঁ ৷দ্বিতীয় দিনা ৰাতিপুৱা হোটেলত ব্ৰেকফাষ্ট কৰি ভ্ৰমণত ওলাওঁ,দ্বিতীয় দিনৰ ভ্ৰমণ কাৰ্য্যসুচীত আছিল তামিলনাডুৰ অন্যান্য হিল ষ্টেচন কন্নোৰ ৷ কন্নোৰত উপস্থিত হৈ পোনপ্ৰথমে আমি পৰিদৰ্শন কৰোঁ বলীউডৰ সৰ্বাধিক ছবিৰ শ্বুটিং হোৱা ডলফিন নোজ ভিউ পইণ্ট,তাৰপাছত চাহবাগিছা,ষ্টৱেৰী পাৰ্ক,শ্লিপিং লেডী ভিউ লগতে ছিম গাৰ্ডেন পৰিভ্ৰমণ কৰি দ্বিতীয় দিনাৰ ভ্ৰমণসূচী সামৰোঁ ৷ তৃতীয় দিনা দিনৰ ১১ বজাত হোটেল ত্যাগ কৰি আমি তৃতীয় দিনৰ ভ্ৰমণসূচীত উল্লেখ দক্ষিণ ভাৰতৰ নীলগিৰি পাহাৰ স্থিত আটাইতকৈ ওখ শৃংগ দোডাবেটা শৃংগত উপস্থিত হওঁ,তাৰপাছত চাহ উৎপাদন কাৰখানা,চকলেট কাৰখানা,গোলাপৰ উদ্যান আৰু বলীউডৰ বিখ্যাত ছবি মেইনে পিয়াৰ কিয়াৰ শ্বুটিং হোৱা বটানিকেল উদ্যান ভ্ৰমণ কৰি সন্ধিয়া ৬ বজাত উটি বাছ আস্থানত উপস্থিত হওঁ,উটিৰ পৰা বেংগালুৰু লৈ উভতিবলৈ নৈশ বাছৰ টিকট আমি অনলাইন যোগে কাটি ৰাখিছিলোঁ ৷ ৰাতিপুৱা ৬ বজাত আমি নৈশ বাছ যোগে উটিৰ পৰা বেংগালুৰু উপস্থিত হওঁ ৷ তাৰপৰা অটো এখন ভাড়া কৰি আমি ততাতৈয়াকৈ বেংগালুৰু বিমানবন্দৰত উপস্থিত হওঁ কাৰণ আমাৰ বেংগালুৰু পৰা গুৱাহাটীলৈ উৰাজাহাজেৰে উভতাৰ সময় ৰাতিপুৱা ৯ বজাত আছিল ৷ দিনৰ ১২:৩০ বজাত আমি গুৱাহাটী বিমানবন্দৰত উপস্থিত হওঁ আৰু ইয়াত আমাৰ ভ্ৰমণ যাত্ৰা সমাপ্তি হয় ৷ প্ৰথমবাৰৰ বাবে আমি ইমান দূৰলৈ যাত্ৰা কৰোঁতে বহু তিতা মিঠা অভিজ্ঞতা হ’ল যদিও বহু নজনা কথা জনাৰ সৌভাগ্য হ’ল ৷