হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ মিডিয়া এছ’চিয়েছন, অসমৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু, ক্ষণজন্মা যুগ শিল্পী, নতুন প্ৰজন্মৰ কলিজাৰ আই ৫২ বছৰীয়া জুবিন গাৰ্গৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে মিডিয়া এছ’চিয়েছন, অসমে৷ শুকুৰবাৰে ১৯ ছেপ্টেম্বৰত সুদূৰ ছিংগাপুৰত এক অকল্পনীয় জল দুৰ্ঘটনাত শেষ নিশ্বাস ত্যাগ কৰে জুবিন গাৰ্গে৷ অকল্পনীয়, অবিশ্বাস্য আৰু অনাকাংক্ষিত শোকৰ সংবাদে অসমীয়াৰ হৃদয়ৰ সুৰ, সংগীতৰ গৌৰৱ আৰু অহংকাৰ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সংবাদত সমগ্ৰ অসমৰ সংগীত জগত আৰু সংবাদ জগত আজি স্তম্ভিত আৰু শোকাহত। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত মিডিয়া এছ’চিয়েছন, অসমৰ সভাপতি হীৰেন চন্দ্ৰ কলিতা আৰু সম্পাদক প্ৰধান চন্দ্ৰ কুমাৰ শইকীয়াই কয় যে, প্ৰজন্মে প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰা জুবিন গাৰ্গ কেৱল এজন সংগীতশিল্পী নহয়—তেওঁ আছিল এক অভিনৱ যুগৰ সৃষ্টিকৰ্তা। অসমীয়াৰ সুৰক বিশ্বমঞ্চত লৈ যোৱাৰ যিজন দুঃসাহসী যাত্ৰী সেইজনেই আছিল জুবিন গাৰ্গ। তেওঁৰ মধুৰ কণ্ঠৰ মাজত আছিল চঞ্চল উল্লাস, নিখুঁত ৰোমান্স আৰু জীৱনৰ দুখ-আনন্দৰ সমাহাৰ। দেশৰ সীমা অতিক্ৰম কৰি, কোটি কোটি হৃদয়ত স্থান দখল কৰা এই শিল্পীজনে সংগীতক লৈ গৈছিল নতুন উচ্চতালৈ। বিবৃতিটোত সংগঠনটোৱে অসম চৰকাৰক জুবিনৰ মৃত্যুৰ সবিশেষ তদন্ত কৰাৰ আহ্বান জনায় আৰু এই ক্ষেত্ৰত কোনোবা অভিযুক্ত হ’লে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনায়৷ শনিবাৰে অসমৰ প্ৰতিঘৰ লোকেই নিজ নিজ ঘৰত জুবিনৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰিবলৈ মিডিয়া এছ’চিয়েছনে আহ্বান জনায়৷ লগতে ৰাজ্যজুৰি সপ্তাহজোৰা শোক দিৱস পালনৰো আহ্বান জনায়৷ সংগঠনটোৱে শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷