হিয়াৰ আমঠু তুমি জুবিন দা
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
অসমীয়াৰ হাৰ্টথ্ৰৱ জুবিন দা
তুমি যে হিয়াৰ আমঠু
তুমি অবিহনে আগন্তুক সময়
সপোনতো কল্পনা কৰা টান
কিন্তু নিয়তিৰ নিৰ্মাম পৰিহাস
সকলোৰে বুকু উদং কৰি
হৃদয়খন শূণ্য কৰি
কাঢ়ি নিলে নিৰ্দয়ভাবে কৰুণতাৰে।
জুবিন দা !
তোমাৰ বিয়োগ হোৱা বুলি
অবুজন মনটোক বুজাব পৰা নাই অ
অনুভৱ হয় হঠাৎ তুমি ওলাই ক’বা
“মই মৰা নাই , মই নমৰো এতিয়াই”
কিন্তু…!
ক্ষুব্ধ সময়ত যেন প্ৰকৃতি, পৰিৱেশো
বেজাৰত উচুপি আছে মনে মনে
অব্যক্ত ক্ষত হৃদয়ত মৰ্ম বিষাদৰ
টোপাল যেন নিগৰিছে ,
নীৰৱে নিস্তব্দে আবেগৰ
নিৰ্জন প্ৰভাতৰ আঁচল নিগৰি।
এটা যুগ শেষ হ’ল অ’ জুবিন দা
এটা সুখৰ সূৰ্য্য অস্ত গ’ল
নাহাঁহে আৰু কোনোদিন
কোনো পুৱাই কোনোৱেও
শোকৰ ছাঁ তলতে কাটিব সময়।
তোমাৰ সাগৰ তলিত শুবৰ মন বুলি
সাগৰ তলিতেই শুই দিলা
আকৌ কেতিয়াও উভতি নহাকৈ ।
তুমি কোৱাৰ দৰে সঁচাই
মৃত্যু এতিয়া সহজ।
তোমাৰ পাখি পাখি লগা মন
আজি পাখি হৈ উৰি গ’ল
সকলোকে কন্দুৱাই কন্দুৱাই
মুক্ত নীলিম আকাশৰ বুকুত।
তোমাৰ সৃষ্টিৰ সুৰেৰেই
তোমাক বিদায় দিয়া যে
কিমান কষ্টকৰ সেইয়া বুজোৱা অসাধ্য।
তুমি যে হিয়াৰ আমঠু
সুখ- দুখৰ একমাত্ৰ লগৰী
তুমিয়েই অসমৰ এটি উজ্বল নক্ষত্ৰ
তুমি অবিহনে অসম যে এক
শেষ নোহোৱা অন্ধকাৰ জয়াল
বাটৰ মাজৰ স্তব্ধ হৈ ৰৈ থাকিব।
অসমীয়া ভাষা, অসমীয়া সংস্কৃতি
তুমি অবিহনে নিস্ব: অ’ জুবিন দা
তোমাৰ অভাৱ পূৰণ নহয় কাহানিও
চিৰদিন চিৰকাললৈ খালি হৈ থাকিব।
তোমালৈ একাঁজলি অশ্ৰুসিক্ত
শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ
ভালে থাকিবা য’তেই থাকিবা
তোমাক পাহৰি নাযায় কোনেও
কেতিয়াও নাযায় পাহৰি
তুমি অমৰ হৈ ৰ’বা সকলোৰে
হৃদয়ৰ নিভাজ কোণত।