হিয়াৰ আমঠুৰ মহাপ্ৰয়াণ
ইলা ভৰালী ডেকা
জন্ম, মৃত্যু আৰু বিবাহ ঈশ্বৰৰ দাণ। সূখ-দূখ মান-অভিমানেৰে পৰিপূৰ্ণ জীৱন সজাই ল’ব জনাটোৱেই হৈছে সাধনা । মানৱ দৰদী জুবিন গাৰ্গ ও ইয়াৰ ব্যতিক্ৰম নহয় । শিল্পী জীৱন কিমান প্ৰত্যাহ্বানৰে ভৰা আন এগৰাকী শিল্পীয়ে হাড়ে হিমজুৱে বুজি পাব। পৰিয়াল আৰু সমাজত থাকিও যেন বহুত দূৰত্বৰ বাসিন্দা। খেয়ালি মনে সৃষ্টি ৰচনা কৰোঁতে স্বয়ং নিজেও নাজানে সময়ৰ টিকনি আগফালে ঘুৰিছে । সংগীতৰ সুৰৰ নভোকাশত বিচৰণ কৰোঁতে কেতিয়াবা কেতিয়াবা কেতিয়াবা পৰিয়ালৰ লগত একেটা ঘৰতে থাকিও যেন বহুত আঁতৰত থকা যেন অনুভৱ হয়। এওঁলোক সাধাৰণ মানুহতকৈ ব্যতিক্ৰম ফুলৰ পাপৰিৰ দৰে অন্তৰখন কোমল । সেয়ে হয়তো জনসাধাৰণতকৈ ভাৱ চিন্তা আনতকৈ বহুত ওপৰত।
অসম আৰু অসমীয়াৰ আবেগ হিয়াৰ আমঠুৰ মহাপ্ৰয়াণ ত মোৰ জীৱন পৰিক্ৰমাত বিগত বৰ্ষৰ প্ৰতিচ্ছবি অগাদেৱা কৰিছে। আচলতে বিয়াৰ আগতে সাংস্কৃতিক জগতৰ লগত সম্পূৰ্ণ অচিনাকী আছিলো । অন্য গ্ৰহৰ প্ৰানীৰ লগত বসবাস কৰাৰ দৰে একো কথা বতৰাত মিল নাছিল। ক্ৰমে ক্ৰমে সময় অতিবাহিত কৰি নিজকে এতিয়া সময়ৰ লগত পৰিৱৰ্তন কৰিছোঁ।
নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে মানুহে তৈল মৰ্দন কৰি জীৱন কাঢ়ি নিব ও পাৰে । ইয়াৰ জ্বলন্ত উদাহৰণ স্বৰূপে আমাৰ সকলোৰে হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গৰ অসহায় অৱস্থাত ককবকাই থকা মূহুৰ্ত সঁচাকৈয়ে হৃদয় বিদাৰক । নিজৰ স্বাৰ্থ আৰু অৰ্থৰ লোভত মানুহ পাগল হৈ যায় মানবীয়তাক ভূলুণ্ঠিত কৰিছে সমগ্ৰ বিশ্বব্যাসীয়ে স্বচক্ষুৰে দেখা পাইছে । এওঁ এগৰাকী বিশ্ববৰণ্য জনতাৰ আবেগ অনুভৱ হৃদয়ঙ্গম কৰা ভগৱানৰ অংশ আছিল। সেয়ে চাগে তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হোৱা কথাটো সহজে মানি ল’ব নোৱাৰোঁ। যুগে যুগে ভগৱানক ভক্ত ই নতশিৰে পূজা অৰ্চনা কৰে কিন্তু সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে জুবিন অনুৰাগীয়ে নিজৰ জীৱন আহুতি দিও প্ৰাণৰ দেৱতাক সঁচা অৰ্থত কিমান ভাল পায় এয়াই প্ৰমাণ নেকি ?
জীৱন কচুপাতৰ পানী ক’ত, কেতিয়া , কেনেকৈ অভিমন্যুৰ দৰে চক্ৰবেহুৰ মাজত সুমুৱাই মৃত্যুত আসুৰিক তৃপ্তি লাভ কৰি অট্টহাস্য কৰিব ৰৈ আছে আমি মুঠেও জ্ঞাত নহয় । কিয়নো ঘৰ শত্ৰু বিভীষণ । শত্ৰু বেলেগৰ নহয় ঘৰতে থাকে । ইতিহাস সাক্ষী আছে । নিজৰ প্ৰাণতকৈয়ো ভালপোৱা কৌশল্লাৰ পুত্ৰ ৰামক কৈকেয়ীয়ে ভৰততকৈ অধিক স্নেহ কৰিছিল কিন্তু দাসী মন্থৰাৰ কু প্ৰৰোচনাত ৰাতিপুৱালৈ ৰাজ অভিষেক হ’ব লগীয়া ৰামচন্দ্ৰ বনবালৈ প্ৰস্থান কৰিলে । বাস্তৱত সেই একেই প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক বিশ্বাস কৰি দ্বিতীয় পত্নী আখ্যা দিছিল কিন্তু তেওঁক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰি অৱশেষত ঘৰৰ পৰা দুৰণি দেশলৈ আতৰাই লৈ গৈ পৰিকল্পিত ভাবে আমাৰ অসমৰ নক্ষত্ৰ সংগীত সূৰ্য্যক নোহোৱা কৰাটো শ্বাস ৰুদ্ধ কাৰি কাহানিও নভবা ঘটনা ।
ঈশ্বৰক তেওঁ মানুহৰ মাজতহে বিচাৰি পাইছিল। দেৱাদিদেৱ মহাদেৱৰ দৰে তেওঁ মানৱ জীৱনত হলাহল বিষপান কৰি আনক সহায় কৰি যথেষ্ট সুখী হৈছিল। কাৰোবাক পঢ়ুৱাব , কোনোবা নৰীয়াক , অচিন বেমাৰৰ পৰা সুৰক্ষিত কৰি গুৰু দায়িত্ব লোৱাটো চাগে ভগৱান। সেয়ে তেওঁৰ অবিহনে সমগ্ৰ বিশ্বব্যাপী শোকৰ ছাঁত ম্ৰিয়মান হৈছে। ইচ্ছা কৰিলে তেওঁ মুম্বাইত নিজৰ কেৰিয়াৰ উজ্বলাই ৰাখিব পাৰিলে হয় । অসমৰ আকাশ বতাহত লালিত পালিত দেৱ শিশু স্বৰূপ হিয়াৰ আমঠুৱে আমাক ইয়াকে বুজাব বিচাৰিছিল বৰ্ণবাদী সকলৰ বিপৰীতে আৰু ধৰ্মৰ অন্ধতাৰ বিপৰীতে তেওঁ কৰিছিল বিদ্ৰোহ। এনে ধৰ্মৰ কি প্ৰয়োজন য’ত মানুহে মানুহক মৰম কৰিবলৈ নিশিকাই , এনে ধৰ্ম কিয় লাগে যি ধৰ্ম ই ভোকাতুৰ ব্যক্তিৰ ভোক নিবাৰণ কৰাতো বিবেকত নাহে । এনে উন্নয়ন কিয় লাগে য’ত প্ৰকৃতিৰ লগত মানুহে বসবাস কৰিবলৈ সক্ষম কৰি গঢ়িবলৈ নোৱাৰে। বুদ্ধিজীৱী সকলৰ আগত নিজকে অকলশৰীয়া বুলি কৈয়ো অৰুণ গাৰ্গক নিজৰ পৰিয়ালৰ এজন সদস্য হিচাপে পৰিগণিত কৰিব । আজিৰ বাস্তৱ সমাজত কেইজনৰ সৎ সাহস হ’ব পাৰে। কথাটো এবাৰ আপোনালোকে দকৈ ভবা-চিন্তা কৰিবলৈ আৰম্ভ কৰক ।
” মোৰ কোনো জাতি নাই , মোৰ কোনো ধৰ্ম নাই ” বুলি কোৱা কথাষাৰি বাৰে বাৰে কানত প্ৰতিধ্বনি হৈ থকা কথাষাৰে নৱ প্ৰজন্মক জুবিনৰ প্ৰতিটো কৰ্মৰাজিয়ে অনুপ্ৰাণিত কৰিছে। যাৰ বাবে এওঁ মৃত্যুৰ পিছতো বিশ্বদৰবাৰত নিজৰ শেষ যাত্ৰাত চতুৰ্থত নিজে নিজৰ ইতিহাস গঢ়িছে । হিন্দু – মুছলিম সকলোৱে নিস্বাৰ্থ ভাৱে জুবিনৰ ইহলোকৰ পৰা পৰলোক গমন কৰা নশ্বৰ দেহ এবাৰ দৰ্শন কৰিবলৈ উজনী -নামনী অসম সহিতে প্ৰবাসী ভাৰতীয় লোকে লোকাৰণ্য হৈ বিৰল মূহুৰ্ত সঁচাকৈয়ে স্মৰণীয় হৈ ৰব । জুবিন গাৰ্গ অসমৰ নহয় সমগ্ৰ বিশ্বব্যাপী বিশেষকৈ আমাৰ সকলোৰে মৰমৰ মন কৰিবলগীয়া কথা এই ঘটনাৰ পিছত অসমত সুৰৰ যাদুৰে মোহাচ্চন্ন কৰি কনিষ্ঠৰ পৰা বৃদ্ধ আবাল – বনিতালৈ সমানে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
জুবিন গাৰ্গক আমাৰ মাজৰ পৰা চলনাৰে নোহোৱা কৰিলে । আজীৱন হিয়াৰ আমঠু আমাৰ সকলোৰে মাজত জীয়াই ৰখাৰ আপ্ৰান চেষ্টা কৰিব লাগিব। অসমৰ আকাশে বতাহে প্ৰতিজন অসম অসমীয়াৰ বুকুৰ মাজত সুৰৰ মাজেৰে জীয়াই ৰখাৰ বাবে আহা আমি একেলগে প্ৰতিজ্ঞাবদ্ধ হ ও ।
সঁচাকৈয়ে জুবিন গাৰ্গে নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰাৰ দৰেই – ” মই নথকাৰ অনুভৱ যিদিনা হ’ব তোমাৰ “। I Will NEVER Go ………….

