হিমাচলৰ বিলাসপুৰত ভূমিস্খলন 

হিমাচলৰ বিলাসপুৰত ভূমিস্খলন 

ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলবাৰে নিশা হিমাচল প্ৰদেশৰ বিলাসপুৰত যাত্রীবাহী বাছ এখন ভূমিস্খলনত বিধ্বস্ত হোৱাত অতি কমেও ১৮জনৰ মৃত্যু হোৱাৰ লগতে ১২জন আহত হৈছে। তথ্য মতে, বিলাসপুৰ জিলাৰ ঝানদুটাৰ ৩০জন যাত্রী কঢ়িয়াই লৈ গৈ থাকোঁতে বাছখনৰ ওপৰত ভূমিস্খলনৰ ফলত শিল-বালি-বোকাই পুতি পেলায়। শিল-বালি- বোকাত বাছখন পোত যোৱাত ভিতৰত থকা যাত্ৰাসকলৰ ভিতৰত ১৮জনৰ ঘটনাস্থলীতে মৃত্যু হয়। বাকী ১২জনক জীৱন্তে উদ্ধাৰ কৰি চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় প্রশাসনে উদ্ধাৰকাৰী দল লৈ গৈ ঘটনাস্থলীত উপস্থিত হয়। আৰ্থ কাটাৰেৰে বাছখনৰ পৰা বোকা মাটি আঁতৰাই মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলকো উদ্ধাৰ কৰি ওচৰৰে হাস্পতালত ভর্তি কৰে। আহত সকলৰ অধিকাংশৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইপিনে বিলাসপুৰৰ এই শোকাৱহ দুৰ্ঘটনাত প্রাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহতসকলৰ শীঘ্ৰে আৰোগ্য কামনা কৰিছে। সামাজিক মাধ্যমযোগে প্রধানমন্ত্রী কার্যালয়ে শোক প্রকাশ কৰি নিহত প্রতিটো পৰিয়াললৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ আৰু আহতলৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়োৱা বুলি ঘোষণা কৰিছে। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱেও এই ঘটনাত প্রাণ হেৰুওৱা লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডায়ো শোকাৱহ দুর্ঘটনাত প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক সমবেদনা জনাইছে।