হিমাচলৰ প্ৰাকৃতিক দুর্যোগত বিধ্বস্ত অঞ্চল বিমানেৰে নিৰীক্ষণ প্ৰধানমন্ত্ৰীৰ

হিমাচলৰ প্ৰাকৃতিক দুর্যোগত বিধ্বস্ত অঞ্চল বিমানেৰে নিৰীক্ষণ প্ৰধানমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ প্ৰাকৃতিক দুর্যোগত বিধ্বস্ত মান্দি আৰু কুল্লু জিলা আকাশমাৰ্গেৰে নিৰীক্ষণ কৰে । আকাশমাৰ্গেৰে নিৰীক্ষণ চলোৱা প্রধানমন্ত্রী মোদীয়ে বান আৰু ভূমিস্খলনত হোৱা ক্ষয়ক্ষতিৰ আনুমানিক বুজ লয়। প্রাকৃতিক দুর্যোগত হিমাচল প্রদেশত তিনি শতাধিক লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৪,১২২ কোটি টকাৰ ক্ষয়ক্ষতি হৈছিল। প্রধানমন্ত্রী মোদীয়ে প্রাকৃতিক দুর্যোগত বিধ্বস্ত অঞ্চলসমূহ নিৰীক্ষণৰ অন্তত ৰাজ্যখনলৈ ১,৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰে। আনপিনে ক্ষতিৰ সম্মুখীন হোৱা বাসগৃহসমূহ প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত পুনৰ নিৰ্মাণ কৰা হ’ব। উল্লেখ্য যে হিমাচল প্ৰদেশৰ কাংগ্ৰাত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীক ৰাজ্যপাল শিৱপ্ৰতাপ শুক্লা, মুখ্যমন্ত্রী সুখবিন্দৰ সিং সুখু, উপ-মুখ্যমন্ত্রী মুকেশ অগ্নিহোত্রী, বিৰোধী দলপতি জয়ৰাম ঠাকুৰ আৰু আন বিজেপি নেতাসকলে আদৰণি জনায়।