হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাম কৰাৰ দুৰ্বাৰ হেঁপাহ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ

Pc Facebook

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাম কৰাৰ দুৰ্বাৰ হেঁপাহ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ছাত্ৰ মুক্তিৰ প্ৰতি মোহভংগ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ।হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাম কৰাৰ দুৰ্বাৰ হেঁপাহ।বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিত যোগদান কৰিলে কটন বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ সাধাৰণ সম্পাদকে।ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত তেজস্বী সূৰ্যৰ উপস্থিতিত যুৱ মৰ্চাত যোগদান অভিষেক মহন্তৰ।ছাত্রমুক্তি সংগ্রাম সমিতিৰ পৰা নিৰ্বাচনত অৱৰ্তীণ হৈছিল অভিষেক মহন্ত।অভিষেক মহন্তই যোগদান কৰিলে বিজেপিত।উল্লেখযোগ্য যে,কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই বিজেপিত যোগদান কৰাৰ পাছতেই উত্তাল হৈ পৰিছে কটন বিশ্ববিদ্যালয়ৰ চৌহদ।এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ কটনিয়ানে।কটনৰ গৰিমাত কলিমা সনা কাৰ্যত ক্ষোভিত কটনিয়ান।তেওঁলোকে কয় যে,‘কটনত বিজেপি নচলিব।’