হিমন্ত বিশ্বই আদানী পূজা বন্ধ কৰক, অসম মাতৃৰ পূজা অৰ্চনাত বহক
পৰ্বতঝোৰাৰ বাসবাৰীৰ মাটি অসমৰ ভুমিপুত্ৰৰ, আপৰ প্ৰতিক্ৰিয়া
আমি বাসবাৰীবাসীৰ লগত আছোঁ — ৰাজীব শইকীয়া
ৰঙিলী বাৰ্ত্তাসেৱা- কোকৰাঝাৰ জিলাৰ বাসবাৰীৰ তিনি হাজাৰ চাৰিশ বিঘা মাটি গৌতম আদানীক হস্তান্তৰ কৰিবলৈ লোৱা জাতিবিৰোধী কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰিছে আম আদমি পাৰ্টীয়েদ এক প্ৰেছ বিবৃতিত আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজীব শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, পৰ্বতঝোৰাৰ বাসবাৰীৰ মাটি ভুমিপুত্ৰ বড়ো আৰু অন্যান্য জনগোষ্ঠীয়, জনজাতীয় লোকসকলৰ ৷ এই মাটিৰ অধিকাৰ তাত বসবাস কৰি থকা লোকসকলেহে পাব ৷ আদানীৰ দৰে বৃহৎ পুঁজিপতি গোষ্ঠীক মাটি দিয়াৰ অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাই ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সঁকিয়নী দি আম আদমি পাৰ্টীৰ নেতা ৰাজীব শইকীয়াই কয়, খিলঞ্জীয়াৰ সুৰক্ষা, জাতি – মাটি – ভেঁটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক শাসনৰ গাদীত বহিছে ৷ গতিকে প্ৰতিশ্ৰুতি পালন কৰি বাসবাৰীবাসীৰ মনৰ কথা শুনক ৷ মুখ্যমন্ত্ৰীয়ে আদানী পূজা বন্ধ কৰি অসম মাতৃৰ পূজা অৰ্চনা আৰম্ভ কৰকৎ বুলি সঁকিয়াই দি আপৰ নেতাজনে কয়, এইজন মুখ্যমন্ত্ৰী শাসনত বহা দিনাৰ পৰা কেৱল মাটি বাৰীৰ হিচাপ নিকাচতে ব্যস্ত থাকিল ৷ কাৰ, ক’ত , কিমান মাটি আছে তাৰ হিচাপ নিকাচ কৰি মাটি বাৰীবোৰ কেনেদৰে নিজৰ লগতে পৰিয়ালৰ নামত নামজাৰী কৰিব পাৰি সেই কামত এইজন মুখ্যমন্ত্ৰী ব্যস্ত বুলি তেখেতে অভিযোগ কৰে ৷ বাসবাৰীবাসীৰ মৰ্মবেদনাৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে, আমি বাসবাৰীবাসীৰ লগত আছোঁ; — আপৰ নেতাজনে বিবৃতিটোত কয় ৷ বাসবাৰীৰ এক ইঞ্চি মাটি আদানীক এৰি নিদিবলৈ বাসবাৰীবাসীৰ প্ৰতি আম আদমি পাৰ্টীয়ে আহ্বান জনাইছে ৷ বাসবাৰীবাসীৰ গণ আন্দোলনৰ প্ৰতি আম আদমি পাৰ্টী, অসম য়ে পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা সদৰী কৰিছে আম আদমি পাৰ্টী, অসমৰ নেতা ৰাজীব শইকীয়াই ৷