হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসম আৰু হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ প্ৰতিবাদ

হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসম আৰু হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ প্ৰতিবাদ

গুৱাহাটী,৯ আগষ্টঃ গুৱাহাটীৰ শিলপুখুৰীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি হিন্দু যুৱ ছাত্ৰ পৰিষদ আৰু হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ সংগঠন দুটিয়ে বাংলাদেশত হিন্দুক আক্ৰমণ কৰা, আৰু এই আক্ৰমণ অতি শীঘ্ৰে বন্ধ কৰাৰ প্ৰতিবাদত এক কাৰ্য্যালয় ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন কৰে। তেওঁলোকে দুয়োটা সংগঠনৰ দুখন বেনাৰ আৰু দলীয় পতাকা লৈ বিভিন্ন শ্লোগান দি বাংলাদেশৰ হিন্দুক সুৰক্ষা দিয়ক, বাংলাদেশী হুঁচিয়াৰ, বাংলাদেশৰ হিন্দুৰ লগতে সম্পত্তি ৰক্ষা কৰক,মঠ মন্দিৰ ভঙা কাৰ্য্য বন্ধ কৰক ইত্যাদি শ্লোগান দি পৰিৱেশ উত্তাল কৰাৰ লগতে তেওঁলোকে এখন স্মাৰক পত্ৰ বাংলাদেশ উচ্চায়ুক্তলৈ বুলি কাৰ্য্যালয়ৰ কৰ্মচাৰী অম্লানজ্যোতি বৰুৱাৰ হাতত অৰ্পন কৰে। উল্লেখ থাকে যে মহানগৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে তেওঁলোকৰ স্মাৰক পত্ৰ গ্ৰহণ কৰিব বিচৰাত উক্ত সংগঠন দুটিয়ে কাৰ্য্যালয়ৰ কোনো এজনৰ হাতত স্মাৰক পত্ৰ অৰ্পন কৰিম বুলি প্ৰত্যাহ্বান জনোৱাত কাৰ্য্যালয়ৰ এজনক মতাই আনি স্মাৰক পত্ৰ প্ৰদান কৰে। আজিৰ এই কাৰ্যসূচীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক মাধব দাস, সাংগঠনিক সম্পাদক বিতুমনি গগৈ আৰু নিতিশ ভট্টাচাৰ্য, গুৱাহাটী মহানগৰৰ সম্পাদক অংশুমান শৰ্মা, হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ সাংগঠনিক সম্পাদক বিষ্ণু গুপ্তা, নাৰেঙ্গী আঞ্চলিক সমিতিৰ সম্পাদক ধনেশ্বৰ দেৱ মিশ্ৰকে আদি কৰি প্ৰায় ২০ জন মান সদস্য উপস্থিত আছিল৷