হিন্দু ধৰ্মৰ নিৰ্মাণ দেৱতা বিশ্বকৰ্মা – মুন শৰ্মা

হিন্দু ধৰ্মৰ নিৰ্মাণ দেৱতা বিশ্বকৰ্মা
মুন শৰ্মা, লখিমপুৰ
হিন্দু ধৰ্মৰ তেত্ৰিশ কৌটি  দেৱতা ভিতৰত বিশ্বকৰ্মা অন্যতম এজন। তেওঁক কোৱা হয়। তেওঁ হৈছে হিন্দু ধৰ্মৰ বিশ্বাস মতে নিৰ্মাণৰ দেৱতা।গুৰু বৃহস্পতি ভাগিনী যোগসিন্ধা আৰু অষ্ট বসু পিতৃ মাত্ৰ বুলি জনা তেওঁৰ পত্নীৰ হৈছে গায়ত্ৰী। তেওঁৰ বাহিৰে ও আৰু তিনি গৰাকী পত্নী আছিল বুলি জনা যায় তেওঁক হল ৰতি, প্ৰাপ্তি,আৰু নন্দী।তেওঁৰ সন্তান সকল হল মনু, মায়া, তুষ্টি, বিশ্বজনা, শিল্পী, আৰু সুৰন্য। আকৌ ৰামায়নত থকা ন’ল ও বিশ্বকৰ্মা পুত্ৰ বুলি কোৱা হয় যিয়েই ৰাম সেতু নিৰ্মাণ কৰিছিল বুলি জনাজায়।বিশ্বকৰ্মাৰ নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা নিৰ্মাণ সমূহৰ ভিতৰত  স্বাৰ্গপুৰী, নৰকপুৰী, ইন্দ্ৰপুৰী, ৰাৱণৰ সোণৰ লংকা, কুবেৰ পুৰী, শ্ৰীকৃষ্ণৰ দ্বাৰকা, সুদাম নগৰ, হস্তিনা পুৰ নিৰ্মাণ কৰিছিল।তেওঁ বহু জনৰ বিভিন্ন অস্ত্ৰ নিৰ্মাণ কৰিছিল যেনে  শিৱৰ ত্ৰিশূল, বিষ্ণুৰ সুদৰ্শন ইন্দ্ৰৰ ব্ৰজ আদি নিৰ্মাণ কৰিছিল বুলি পঢ়িব পাও।  ইয়াৰ উপৰি ও বৰ্তমান ও অক্ষত অৱস্থাত থকা  পুৰীৰ জগনাথ মন্দিৰ ও তেওঁৰ নিৰ্মাণ  বুলি।১০৮টা কৈ নাম শুনা এই গৰাকী দেৱতাৰ কেইটামান নাম হল বাচস্পতি, মনোজৱ, বদান্য, কল্যাণকৰ্মা  আৰু বিধাতা।অতীজৰ পৰা ভাৰতৰ হিন্দু ধৰ্মীয় মানুহে বেদত উল্লেখ থকা  ভাদ মাহৰ সংক্ৰান্তিৰ দিনা জন্ম বুলি উল্লেখ থকালৈ চাই সেই দিনাই তেওঁক আৰাধনা কৰি আহিছে। তেওঁক আৰাধনা ক্ষেত্ৰত উত্তৰ ভাৰতৰ মানুহে বুঢ়া ৰূপী ৰাজহংস পিঠিt উঠি থকা  বিশ্বকৰ্মাক পূজা কৰে আৰু পূব ভাৰতত হাতী পিঠিত উঠি থকা ডেকা বিশ্বকৰ্মা পূজা কৰা দেখা যায়।