হিন্দু কেতিয়াও সন্ত্রাসবাদী হ’ব নোৱাৰে: গৃহমন্ত্রী অমিত শ্বাহ
ৰঙিলী বাৰ্ত্তাসেৱা- ‘হিন্দু কেতিয়াও সন্ত্রাসবাদী হ’ব নোৱাৰে’। ৰাজ্যসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত হোৱা বিতৰ্কত ভাগ লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই দাবী কৰে। গৃহমন্ত্রী অমিত শ্বাহে কয়, হিন্দু সন্ত্রাসবাদ কোনে আৰম্ভ কৰিছিল? মই গৌৰৱেৰে ক’ব পাৰোঁ যে কোনো হিন্দু কেতিয়াও সন্ত্রাসবাদী হ’ব নোৱাৰে। ২০০৮ চনৰ মালেগাঁও বিস্ফোৰণ, ২০০৭ চনৰ ভাৰত-পাকিস্তানৰ সমঝোতা এক্সপ্ৰেছৰ বিস্ফোৰণ, হায়দৰাবাদৰ মক্কা মছজিদত নামাজৰ সময়ত আক্ৰমণ, ৰাজস্থানৰ আজমেৰ শ্বৰীফ দৰগাহৰ আক্ৰমণকে ধৰি এলানি ঘটনাৰ সৈতে হিন্দু লোক জড়িত থকা বুলি বিৰোধী কংগ্ৰেছে ধাৰাবাহিকভাৱে প্ৰচাৰ চলাই আহিছে। ইফালে মালেগাঁও কাণ্ড সন্দর্ভত নিয়াৰ আদালতে দিয়া ৰায়ে সন্দেহজনক অভিযুক্ত প্রজ্ঞা ঠাকুৰকে ধৰি ৭ হিন্দু লোকক দোষমুক্ত ঘোষণা কৰাটোৱে গৃহমন্ত্ৰীৰ দাবীক অধিক স্পষ্ট কৰিছে। জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদেও আদালতৰ ৰায়দান কংগ্ৰেছৰ ‘হিন্দু সন্ত্রাসবাদৰ তত্ত্ব’ক নস্যাৎ কৰিলে। তেওঁ এয়া ৰাজনৈতিক ষড়যন্ত্র বুলি দাবী ৰি সত্যৰ সদায় জয় বুলি কয়।