হিউমেন জিপিএছ বুলি খ্যাত বাগু খানক গুলীয়াই হত্যা
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ পৰা ভাৰতৰ ভূমিত সন্ত্রাসবাদী অনুপ্ৰৱেশৰ বিশেষজ্ঞ হিজবুল মুজাহিদীনৰ প্ৰাক্তন কমাণ্ডাৰ বাগু খানক নৌছেৰা নাৰ অঞ্চলত অনুপ্ৰৱেশৰ চেষ্টা চলাওঁতে সেনাই গুলীয়াই হত্যা কৰে। হিউমেন জিপিএছ বুলি খ্যাত বাগু খান ১৯৯৫ চনৰে পৰা পিঅ’কেত বসবাস কৰি আছিল । ১০০তকৈ অধিক অনুপ্ৰৱেশৰ ঘটনাৰে জড়িত বাগু খানে নৌছেৰা নাৰ অঞ্চলৰ গুৰেজেৰে আন এটা সন্ত্রাসবাদীৰ সৈতে ভাৰতৰ ভূমিত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলাওঁতেই নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয়। নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰা মতে পাকিস্তানস্থিত আটাইবোৰ নিষিদ্ধ সংগঠনৰ সদস্য তথা দুর্ধর্ষ সন্ত্রাসবাদীক ভাৰতৰ ভূমিত অনুপ্ৰৱেশৰ বাবে বিগত দশক দশক ধৰি বাগু খানে সহায় কৰি আহিছে। কুখ্যাত বাগু খানৰ সহযোগতে সীমান্তৰে পাকিস্তানী সন্ত্রাসবাদী ভাৰতৰ ভূমিত অনুপ্ৰৱেশ কৰি জম্মু-কাশ্মীৰত হত্যালীলা চলাই আহিছিল। গুৰেজ ছেক্টৰৰ বিভিন্ন অঞ্চলেদি শতাধিক অনুপ্ৰৱেশৰ ঘটনাত জড়িত বাগু খান এসময়ত হিজবুল মুজাহিদীনৰ কমাণ্ডো আছিল। হিজবুল মুজাহিদীনৰ সৈতে আন নিষিদ্ধ সন্ত্রাসবাদী সংগঠনৰ সদস্যক ভাৰতৰ ভূমিত অনুপ্ৰৱেশ কৰাৰ বাবে বাগু খানে পৰিকল্পনা কৰাই নহয়, ভাৰতৰ ভূমিত অনুপ্ৰৱেশৰ পথ সহজ কৰি দিছিল। অঞ্চলটোৰ দুৰ্গম পৰিস্থিতি আৰু গোপন পথ নখদর্পণত থকা বাগু খানক বিগত দশক ধৰি নিৰাপত্তা বাহিনীয়ে কৰায়ত্ত কিম্বা হত্যা কৰিবলৈ চেষ্টা চলাই থকাৰ মূৰকত অৱশেষত বাগু খানক হত্যা কৰিবলৈ সক্ষম হ’ল নিৰাপত্তা বাহিনীয়ে।