হিংসা এতিয়া ত্ৰিপুৰাৰ পৰিচয় নহয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

হিংসা এতিয়া ত্ৰিপুৰাৰ পৰিচয় নহয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে অধিক আকর্ষণীয় হৈ পৰিছে ত্ৰিপুৰাৰ নিৰ্বাচনী যুঁজ। দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে ত্ৰিপুৰা দখলৰ লক্ষ্যৰে নিৰ্বাচনৰ প্ৰচাৰ অভিযান অধিক তীব্ৰতৰ কৰি তোলাৰ সময়তে ৰাজ্যখনত প্ৰচাৰ অভিযান চলাবলৈ উপস্থিত হয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ত্ৰিপুৰাৰ আম্বাছাত বিজয় সংকল্প ৰেলীত অংশগ্ৰহণ কৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীয়ে কয়, ‘‘এতিয়া ত্ৰিপুৰাৰ পৰিচয় হিংসা আৰু পিছপৰা নহয়। পূৰ্বে ত্ৰিপুৰাত কেৱল এটা দলক পতাকা উত্তোলনৰ অনুমতি দিয়া হৈছিল, কিন্তু আজি বিজেপি চৰকাৰে ত্ৰিপুৰাক ভয়, ভয় আৰু হিংসাৰ পৰা মুক্ত কৰিছে।’’ প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ আৰু বাওঁপন্থীৰ মিত্ৰতাক আক্ৰমণ কৰি কয় যে কংগ্ৰেছ আৰু বাওঁপন্থী লোকসকল প্ৰৱঞ্চনাত লিপ্ত, অপশাসনৰ পুৰণি খেলুৱৈসকলে হাত মিলাইছে। তেওঁলোকলৈ যোৱা প্ৰতিটো ভোটেই ত্ৰিপুৰাক পিছলৈ ঠেলি দিব। সমগ্র দেশতে বিজেপিয়ে জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে কাম কৰি আছে। ইয়াৰ বিপৰীতে ত্ৰিপুৰাত কংগ্ৰেছ-বাঁওপন্থীৰ কাৰ্যকলাপে জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে একো পদক্ষেপেই গ্ৰহণ কৰা দেখা নহ’ল। উত্তৰ-পূবৰ ৰাজ্যখনত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ ডাবল ইঞ্জিন চৰকাৰক ভোট দিবলৈ প্ৰধানমন্ত্রী মোদীয়ে জনসাধাৰণক আহ্বান জনায়। এই সন্দৰ্ভত তেওঁৰ বক্তব্য আছিল এনেধৰণৰ কংগ্ৰেছ আৰু বাঁওপন্থী দুমুখীয়া তৰোৱালৰ দৰে, ইয়াৰ পৰা ত্ৰিপুৰাবাসী সাৱধান হ’ব লাগিব। বাঁওপন্থীয়ে জনসাধাৰণে লাভান্বিত হোৱা সকলো আঁচনি বন্ধ কৰিব বিচাৰে। প্রধানমন্ত্রী মোদীয়ে ইয়াকো অভিযোগ কৰে যে বাঁওপন্থী আৰু কংগ্ৰেছ চৰকাৰে জনজাতীয় লোকসকলৰ মাজত বিভাজন সৃষ্টি কৰিছে। ইয়াৰ বিপৰীতে বিজেপিয়ে জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে কাম কৰি আছে। তিপ্ৰা মাথা আঞ্চলিক দলৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্রীয়ে কয় যে কিছুমান দলে বিৰোধীৰ মিত্ৰজোঁটক আঁৰৰ পৰা সহায় কৰি আছে। এই লোকসকলক প্ৰদান কৰা ভোটেই ত্ৰিপুৰাক বহু বছৰ পিছুৱাই নিব। ধলাই জিলাৰ আম্বাছাত আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ সভাখনত প্ৰধানমন্ত্রী মোদীয়ে ইয়াকো উল্লেখ কৰে যে পূৰ্বৰ বাঁওপন্থী চৰকাৰে ৰাইজৰ স্বাৰ্থৰ বিপৰীতে গ্ৰহণ কৰা আইন বিজেপিয়ে বাতিল কৰাৰ ফলত জনজাতীয় সম্প্রদায় যথেষ্ট লাভান্বিত হৈছে। বাঁহ জাতীয় শস্যৰ ক্ষেত্ৰত বিজেপিয়ে গ্ৰহণ কৰা আইনৰ ফলত আজি বাঁহেৰে তৈয়াৰ কৰা সামগ্ৰীবোৰ সমগ্ৰ বিশ্বতে প্ৰখ্যাত হৈ পৰিছে। কংগ্ৰেছ আৰু বাঁওপন্থীসকলে কেৱল গৰিবক বিশ্বাসঘাতকতা কৰিব জানে। তেওঁলোকে কেতিয়াও দৰিদ্ৰসকলৰ বাবে তিলমাত্রও চিন্তা নকৰে। বিজেপি চৰকাৰৰ দিনত গ্ৰহণ কৰা হাউছিং- আৰোগ্য-উপাৰ্জনৰ ত্ৰিশক্তিয়ে ত্ৰিপুৰাক অধিক শক্তিশালী কৰি তুলিছে। প্রধানমন্ত্ৰী আৱাস যোজনাই ৰাজ্যখনত দৰিদ্ৰ লোকসকলৰ জীৱন সলনি কৰিছে। বিজেপিৰ দিনতেই বিগত পাঁচ বছৰত দৰিদ্ৰ পৰিয়ালক প্রায় ৩ লাখ পকী ঘৰ প্ৰদান কৰা হৈছে। তেওঁ কয়— আমাৰ ইস্তাহাৰেই প্ৰমাণ কৰে যে বিজেপিয়ে যি প্রতিশ্রুতি দিয়ে তাক পূৰণ কৰে। আৰু এয়া জনসাধাৰণৰ অধিকাৰ। আমি সংকল্প পত্ৰত এটা নতুন লক্ষ্যৰ সৈতে এটা নতুন পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰিছোঁ। আগতে কেৱল বাঁওপন্থী কেডাৰসকলেহে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছিল। কিন্তু এতিয়া প্ৰতিজন নাগৰিকে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰে। পূৰ্বে আৰক্ষী থানাসমূহ আছিল চিপিএমৰ কব্জাত। কিন্তু এতিয়া বিজেপি চৰকাৰে ৰাজ্যখনত আইনৰ শাসন প্রতিষ্ঠা কৰিছে। সেয়াই নহয়, এতিয়া ৰাজ্যখনত মহিলা সবলীকৰণ পূৰ্ণ গতিত চলি আছে। এয়া সম্ভৱ হৈছে কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰৰ বাবে। অর্থাৎ ডাবল ইঞ্জিন চৰকাৰেহে উন্নয়ন সম্ভৱ কৰিব পাৰে। ৰাজ্যখনত বিগত পাঁচ বছৰত বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়  – ত্ৰিপুৰাত গাঁওসমূহক সংযোগ কৰিবলৈ পাঁচ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে, আগৰতলাত এটা নতুন বিমানবন্দৰো নিৰ্মাণ হৈ উঠিছে। অপ্টিকেল ফাইবাৰ আৰু ৪-জি গাঁওসমূহলৈ সম্প্ৰসাৰণ কৰা হৈছে। ত্ৰিপুৰাৰ জনসাধাৰণৰ উপাৰ্জন যাতে বৃদ্ধি হয় তাৰ বাবে বিজেপি চৰকাৰে নানা আঁচনি গ্ৰহণ কৰিছে। পিএম কিষাণ আঁচনিৰ অধীনত কৃষকসকলক বেংক একাউণ্টৰ জৰিয়তে অনুদান দিয়া হৈছে। ৰাজ্যখনত পুনৰ বিজেপি চৰকাৰ গঠন হ’লে এই পৰিমাণ বৃদ্ধি হ’ব। উল্লেখ্য যে অহা ১৬ ফেব্ৰুৱাৰীত হ’ব লগা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত প্ৰচাৰ অভিযান তুংগত উঠিছে। কংগ্ৰেছৰ লগতে তৃণমূল কংগ্ৰেছ, আঞ্চলিক তিপ্ৰা মাথায়ো প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। প্রধানমন্ত্রী মোদীয়ে আজি কুলাই সমষ্টিতো এক বিশাল জনসভাত অংশ লয়। জনজাতীয় সমষ্টিটোত আজি প্ৰধানমন্ত্ৰীগৰাকীক জনজাতীয় সাজ-পোছাকেৰে স্থানীয় লোকে আদৰণি জনায়। প্রধানমন্ত্ৰী মোদীৰ ফটোৰ মাস্ক পৰিধান কৰি শতাধিক মহিলা আজি নির্বাচনী সভাত উপস্থিত থাকে। উল্লেখ্য যে অহা ১৩ ফেব্ৰুৱাৰীত ৰাজ্যখনত পুনৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব প্রধানমন্ত্রী মোদীয়ে।