হাৰ্ট এটেকত আক্ৰান্ত বাংলাদেশী ক্ৰিকেটাৰ তামিম ইকবাল

হাৰ্ট এটেকত আক্ৰান্ত বাংলাদেশী ক্ৰিকেটাৰ তামিম ইকবাল

ৰঙিলী বাৰ্ত্তাসেৱা-  বাংলাদেশৰ আক্ৰমণাত্মক বেটাৰ তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ তামিম ইকবাল মেচ খেলি থকাৰ সময়তে হাৰ্ট এটেকত আক্ৰান্ত হয়। ছাভাৰত অনুষ্ঠিত ঢাকা প্রিমিয়াৰ লীগ (ডিপিএল) খেলৰ সময়ত হার্ট এটেকত আক্রান্ত হোৱা বাংলাদেশৰ প্ৰাক্তন অধিনায়ক তামিম ইকবালক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে।বি কে এছ পিত চলি থকা ঢাকা প্রিমিয়াৰ লীগত শ্বাইনেপুকুৰ ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে মহম্মদ স্পার্টিং ক্লাবক নেতৃত্ব দি থকা ৩৬ বছৰীয়া বেটছমেনগৰাকীয়ে খেলপথাৰত থকাৰ সময়তে হঠাতে বুকুত অস্বস্তি অনুভৱ কৰিছিল। খেলপথাৰত চিকিৎসাৰ ব্যৱস্থা কৰাৰ পিছত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।বিচিবিৰ মুখ্য চিকিৎসক দেৱাশীষ চৌধুৰীয়ে নিশ্চিত কৰে যে তেওঁৰ বুকুৰ বিষ হোৱা বুলি অভিযোগ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁক পৰীক্ষা কৰি ইচিজি কৰা হয়।

তামিম ইকবালে ২০১০ চনৰ পৰা ২০১১ চনলৈ বাংলাদেশৰ জাতীয় ক্ৰিকেট দলৰ উপ-অধিনায়ক হিচাপে দায়িত্ব চম্ভালিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে তেওঁৰ শতক আছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমজন বাংলাদেশী হিচাপে পৰিগণিত হয়। ২০১১ চনত উইজডেন ক্ৰিকেটাৰ্ছৰ আলমানাক আলোচনীয়ে বছৰটোৰ পাঁচজন শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ এজনহিচাপে নিৰ্বাচিত কৰিছিল তামিমক। গ্ৰেম শ্বোৱান আৰু বীৰেন্দ্ৰ ছেহৱাগক অতিক্ৰমি তামিমে এই খিতাপ দখল কৰে।