হাৰ্টবিট – মৃদুলা বৰুৱা

Pc- istock

হাৰ্টবিট

মৃদুলা বৰুৱা, তেজপুৰ 

তুমি ভাল পাওঁ বুলি
কোৱাৰ দিনাই
পূৰ্ণ হৈছিল প্ৰেমৰ
হাজাৰটা সংজ্ঞা,
হঠাতে মৰহা সপোনটো
উজাই আহিছিল সেইদিনা,
পাহৰি পেলাইছিলোঁ
নদীৰ ঠিকনা,
শুনা নাছিলোঁ
আকাশৰ বতৰা।
তুমি ভাল পাওঁ বুলি
কোৱাৰ দিনাই
হেঁপাহবোৰে ৰং সলাইছিল,
আশাৰ ভৰত
উজলি উঠিছিল
শেঁতাপৰা দুচকু,
মৃত্যুৰ ক্ষণ গণি থকা হাৰ্টবিটটোৱে
আৰু অকণ সময় জীয়াব বিচাৰিছিল।
তুমি ভাল পাওঁ বুলি
কোৱাৰ দিনাই
সুখবোৰ সোমাই আহিছিল
বৰ ঘৰৰ মজিয়ালৈ
অজৰ অমৰ হৈ।