হাৰ্টথ্ৰৱ জুবিনৰ মৃত্যু – এটা ৰহস্য – আয়শা ছিদ্দিকা

হাৰ্টথ্ৰৱ জুবিনৰ মৃত্যু – এটা ৰহস্য

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

অসমীয়া সংস্কৃতিৰ আকাশত উজ্জ্বল নক্ষত্ৰ আছিল জুবিন গাৰ্গ। অসমীয়া ভাষা- সংস্কৃতি,সংগীত আদি যিজনক লৈ জনগণ গৌৰৱ অনুভৱ কৰিছিল, যিজনৰ কণ্ঠই মানুহক কঁপাই তুলিছিল, যাক অসমীয়াৰ হিয়াৰ আমঠু বুলি কয়। যাৰ অবিহনে অসম শূণ্য যেন লাগে তেনে ব্যক্তি এজনৰ অকস্মাত মৃত্য এক অমীমাংসিত ৰহস্য ।১৯ ছেপ্তেম্বৰ, ২০২৫ এই দিনটো অসমবাসীৰ ইতিহাসত শোকৰ দিন হিচাপে লিখা থাকিব। সময় যিমানেই গৈ আছে কথাবোৰ যেন আৰু বেছি জটিল হৈ আছে। অসমৰ  হৰটথ্ৰৱ জুবিন যিজন মানুহ অসমীয়াৰ হৃদয়ৰ স্পন্দন।মুকলি কৈ সমালোচনা কৰি কোনো প্ৰভাৱশালী ব্যক্তিলৈ ভয় নকৰা চাগে তেৱেই প্ৰথম অসমীয়া ব্যক্তি। তেঁওৰ বিয়োগৰ বাতৰিয়ে সমগ্ৰ অসমত এক শোকৰ ছাঁ পেলাইছে। আৰু লগতে মৃত্যুটো যে এটা সাধাৰণ মৃত্যু নহয় সেই কথাৰ ইংগিত দিছে সামাজিক মধ্যমত প্ৰচাৰ হোৱা কিছুমান স্ক্ৰীনশটে আৰু তাৰে পৰা এইটো স্পষ্ট হয় হে জুবিনৰ প্ৰতি যত্নৰ গাফিলতিত , কিছুমানৰ স্বাৰ্থত পূৰণত অসমে কেতিয়াও পূৰণ নহ’বলগীয়া ক্ষতিৰ অংশীদাৰ হ’ল।

সমগ্ৰ অসমবাসীৰ মনত এটাই প্ৰশ্ন যদি জুবিন দাৰ সাধাৰন মৃত্যু কিংবা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ দৰে অকস্মাত দুৰ্ঘটনা নহয় তেন্তে মৃত্যুৰ প্ৰকৃত কাৰণ কি…?

 জুবিন গাৰ্গৰ সংগী এজনৰ সাক্ষাৎকাৰ যেন ৰহস্য বোৰ আৰু গম্ভীৰ কৰি তুলিছে। তেওঁৰ ভাষ্য মতে, মৃত্যুৰ কিছু সময় পূৰ্বে জুবিন গাৰ্গৰ মুখ-নাকৰ পৰা বগা কিবা যেন ওলাইছিল আৰু তেওঁৰ শৰীৰ নিথৰ হৈ পৰিছিল। যদি সঁচাকৈয়ে এয়া পানীত সাঁতুৰি ক্লান্ত হোৱাৰ ফল, তেন্তে ছিংগাপুৰ চিকিৎসালয়ে মৃত্যুৰ কাৰণক পানীত পৰি মৃত্যু বুলি কেনেকৈ ঘোষণা কৰিলে? এইবোৰ কথাই  এক গভীৰ দ্বন্দ্বৰ সৃষ্টি কৰিছে।

   এইয়া কোনো গুপ্ত ষড়যন্ত্ৰ নেকি ।জুবিন গাৰ্গ এজন সহজ সৰল মানুহ । তেঁও কাকো খাটিৰ নকৰে কাকো কেৰেপ নকৰে।আৰু ভাল মনৰ মানুহক সকলোয়ে সহ্য কৰিব নোৱাৰে। তেখেতৰ মৃত্যু এটা দুৰ্ঘটনা বুলি কোনেও মানি ল’ব পৰা নাই ।জুবিন গাৰ্গ কোনো সাধাৰণ শিল্পী কিংবা মাথোঁ এজন গায়ক নহয়। তেওঁৰ জীৱনৰ প্ৰতিটো দিন, প্ৰতিটো পদক্ষেপ তেওঁৰ অনুৰাগীৰ ওপৰত প্ৰভাৱ পেলাইছিল। ৰাজনীতি হওক সমাজনীতি হওক কিংবা সংগীত প্ৰত্যেক ক্ষেত্ৰত তেখেতে মুক্ত কণ্ঠেৰে কথা কৈছিল, প্ৰতিবাদ কৰিছিল । কোনো প্ৰভাৱশালী শক্তিলৈ ভয় নকৰি সত্য কথা প্ৰকাশ কৰা জুবিনৰ জীৱনৰ শেষত এনে অস্বচ্ছ পৰিস্থিতি গঢ়ি উঠা সঁচাই ভাবিবলগীয়া বিষয়।

সমগ্র অসমবাসীৰ মনত এতিয়া মাত্ৰ এটাই প্ৰশ্ন

জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ হ’ব নোৱাৰে ইয়াৰ আঁৰৰ ৰহস্য আছে সেই ৰহস্যটো কি..?

সামাজিক মাধ্যমত হৈ থকা কথাৰ অমিলৰ বাবেই এনে প্ৰশ্ন উদয় হয় মনত। কিন্তু উত্তৰ এতিয়াও সঠিক পোৱা নাই। যদিও ছিংগাপুৰৰ চিকিৎসালয়ে প্ৰক্ৰিয়াগতভাৱে এক সাধাৰণ মৃত্যু বুলি ঘোষণা কৰিছে, তথাপিও জুবিন গাৰ্গৰ অনুৰাগীৰ মনৰ সন্দেহৰ আভা আঁতৰোৱা কঠিন। ইয়াৰ বাবে CBI(Central Bureau of Investigation) ৰ তদন্ত কৰি ৰহস্য ভেদ কৰা উচিত।

অসমৰ বাবে জুবিন গাৰ্গ কেৱল এজন সংগীতজ্ঞ নহয় তেওঁ আছিল অসমীয়া জাতিসত্তাৰ জীৱন্ত প্ৰতীক। সেয়ে তেওঁৰ মৃত্যুৰ সম্পূৰ্ণ সত্য উন্মোচন কৰা কেৱল পৰিয়াল বা অনুৰাগীৰ বাবে নহয় সমগ্ৰ অসমীয়া সমাজৰ বাবে অত্যাৱশ্যক।অসমবাসী এতিয়াও আশা কৰি আছে সত্য প্ৰকাশ পাব। জুবিন গাৰ্গৰ দৰে মানুহৰ কেতিয়াও মৃত্যু হ’ব নোৱাৰে প্ৰতিটো হৃদয়ত জীয়াই থাকে অনাদি অনন্ত কাল পৰ্যন্ত আৰু প্ৰজন্মৰ পিছত প্ৰজন্মলৈ।কিন্তু যদি হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য  উন্মোচিত নহয় তেন্তে অসমীয়াৰ হৃদয়ত শূন্যতা আৰু ক্ষত থাকি যাব।কৰ্তৃপক্ষক জগৰীয়া কৰি যাব যুগে যুগে।

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যই এতিয়াও প্ৰশ্নৰ পাহাৰ  গঢ়ি আছে। সময় যিমানেই যাব, তাত আকৌ নতুন নতুন সন্দেহ জন্ম দিব।। জোনমণি ৰাভাৰ দৰেই জুবিন গাৰ্গৰ এই বিষয়টোও সময়ৰ বুকুত বিলীন হৈ যাব  যেন লাগিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰি যদি কোনো দোষী হয় তেন্তে দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কোনো এজনৰ স্বাৰ্থৰ বাবে সমগ্ৰ অসম শোকাহত। অসমীয়াৰ হিয়াৰ আমঠু যদি ন্যায় নাপায় অসম যে নজ্বলিব তাত কোনো সন্দেহ নাই।