হালি পৰা গছজোপা
শুৱলা দাস,যোৰহাট
হালি পৰা গছ জোপাক
পাৰা যদি অলপ
মৰম কৰাচোন
হেলনীয়াই নাছিলতো সেইজোপা আগতে।
প্ৰচণ্ড ৰ’দ -তাপ ,বৰষুণ-ধুমুহা
সকলো প্ৰত্যাহ্বানকে নেওচি
কৰিছিল সংগ্ৰাম অনায়াসে ।
সকলো প্ৰত্যাহ্বানকে নেওচি
কৰিছিল সংগ্ৰাম অনায়াসে ।
মৃত্যু উপত্যকাৰ ঠাণ্ডাকো
গাতে মেৰিয়াই তোমৰ বাবেই কৰা
নাছিলনে সালোকসংশ্লেষণ!
নাছিলনে সালোকসংশ্লেষণ!
হালি পৰা গছ জোপা ,বেচেৰা !
তোমাৰ বাবেই ফল,ফুল ,
ছাঁ দিয়াৰ দোষত
সময়ে কৰিলে আজি এয়া অৱস্থা!
বৰ নিষ্ঠুৰ অ এই সময়!
কাকো নিদিয়ে ৰেহাই!!
আজিৰ কুঁহি পাত
কালিলৈ সৰা পাত!!
আজিৰ হেন্দোলদোপ
মুখৰিত পলাশ ৰঙীন আকাশ
কালিলৈ নিৰব আৰু গোমা!
উত্বাৱল নহ’বা বন্ধু!
অহংকাৰ অৰ্থহীন।
ৰং- ৰূপ ,ৰস- যৌৱন
নহয় নিজৰ একোৱেই ।
কেনি আহি কেনিযে যায়
উৱাদিহেই নাপায় কোনোৱে!!
হে মোৰ প্ৰিয় সুহৃদ
হালি পৰা গছক
নকৰা হেলা !
পাৰা যদি যতেনেৰে
ঠেকা দি ধৰা,
নোৱাৰিলে একাজলি মৰমকে দিয়া !
বিৰিঙি উঠক
শেতাপৰা উঁঠত
হেঙুলীয়া বেলিৰ আভা!