হালধীয়াৰ পম খেদি
হালধীয়াৰ পম খেদি
বাৰে বাৰে যাওঁ আগুৱাই
মুঠি মুঠি কৈ বন্ধা
মোৰ সপোনৰ আঁটি
জুমি জুমি বিচাৰোঁ জীৱনৰ বন্তি।
পথৰ সন্ধান হেৰুৱা শব্দৰ আঘাতে
মোক বাৰুকৈয়ে আমনি কৰে
কিন্তু মই নিমাত, নিস্তব্ধ
সলনি হ’ল গন্তব্য
সলনি হ’ল বক্তব্য।
আজিকালি মই সেইবোৰ নকৰোঁ কেৰেপ
হুমুনিয়াহৰ উত্তপ্ত পৱনৰ উমত ৰচোঁ
হৰষৰ কবিতা
শীতৰ ৰৌদ্ৰ স্নান কৰি
সতেজ কৰোঁ মোৰ হিয়া
হালধীয়াৰে মচি দিওঁ চকুলো
বিপন্নতাক আঁউজি ঘনে ঘনে আওৰাও
নান্দনিক মন্ত্ৰ।