হার্টথ্র’ব জুবিনক হেৰুৱাই স্তব্ধ হৈ পৰিল জনজীৱন

হার্টথ্র’ব জুবিনক হেৰুৱাই স্তব্ধ হৈ পৰিল জনজীৱন

ৰঙিলী বাৰ্ত্তাসেৱা-  মানুহজন অকালতে গ’লগৈ। বসন্তৰ লেখেৰে মাত্র ৫২টা হৈছিলহে। মায়াৱিনী ৰাতিৰ বুকু, ধুমুহাৰ স’তে বহু যুগৰ আপোন বুলি উদাত্ত কণ্ঠেৰে গীত গোৱা অসমীয়াৰ হৃদয়ে হৃদয়ে প্ৰাণৰ অমৃতকণ্ঠ হৈ গুঞ্জৰিত হোৱা জুবিন গাৰ্গ নোহোৱা খবৰটোৱে শোকাতুৰ কৰি তুলিছে প্রতিজনকে। প্রিয় শিল্পীক শ্রদ্ধাঞ্জলি জনাই শোকার্ত অসমৰ প্রতিটো প্রান্ত- শদিয়াৰ পৰা ধুবুৰীলৈ স্তব্ধ হৈ পৰিল জনজীৱন। কোনো আহ্বান নাই অথচ স্বতঃস্ফূর্তভাবে বাজ্যত অভাৱনীয়ভাবে ‘বন্ধ’ৰ পৰিবেশ। আৱশ্যকীয় সেৱাক বাদ দি প্রতিজন দায়বদ্ধ অসমীয়াই নিজে নিজেই বন্ধ কৰি দিলে ব্যৱসায়িক প্রতিষ্ঠানসমূহ। অভূতপূর্ব। ২০১১ চনত সকলোৰে শ্ৰদ্ধাৰ-মৰমৰ শিল্পী ভূপেনদাক হেৰুওৱাৰ পাছত আন এক বেদনাই হৃদয়খনক মোচাৰি নিলে জুবিন গাৰ্গ নোহোৱা হোৱাৰ খবৰটোৱে। কোনেও বিশ্বাস কৰিব পৰা নাই। সাগৰ তেওঁৰ প্ৰিয় আছিল, সেই সাগৰেই অন্তিম ক্ষণ হ’ল অসমৰ যুৱপ্ৰজন্মৰ হার্টথ্র’ব জুবিন গাৰ্গৰ। শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো চুকে-কোণে মাথোঁ শুনা গ’ল হার্টথ্র’বৰ কণ্ঠৰে নিগৰিত অমৰ সৃষ্টিৰাজি। উল্লেখ্য যে অভাবনীয়ভাবে শুক্ৰবাৰে দিনৰ ভাগত অকল্পনীয় খবৰটো আহিছিল। কেতিয়াও কোনো কাৰণতে পৰিয়াল তথা অনুৰাগীয়ে এক মুহূৰ্তৰ বাবে হ’লেও ভবা নাছিল যে অকালতে এনেদৰে প্রিয় শিল্পীগৰাকীক শেষ বিদায় জনাব লাগিব। ‘মায়াবিনী ৰাতিৰ বুকুত’ সপোন দেখা হার্টথ্র’ব জুবিন গাৰ্গ অকল এগৰাকী শিল্পীয়েই নাছিল, তেওঁ আছিল যুৱপ্ৰজন্মৰ মাৰ্গদর্শক। শিল্পীগৰাকীৰ কণ্ঠৰ পৰা নিগৰিত প্ৰতিটো গান সুমধুৰেই নহয়, প্রতিজন লোকৰেই মন-মগজুত সৃষ্টি কৰিছিল এক আলোড়নৰ। প্ৰাণৰ শিল্পীগৰাকীক বিচাৰি কাহিলিপাৰাৰ বাসগৃহত দ্বিতীয় দিনাও দেখা গ’ল অনুৰাগীৰ প্ৰচণ্ড ভিৰ। প্রিয় শিল্পীগৰাকীৰ এই অকাল বিয়োগক লৈ চৰকাৰীভাৱে কোনোধৰণৰ বন্ধৰ নিৰ্দেশনা দিয়া হোৱা নাই যদিও স্বতঃস্ফূর্তভাৱে দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি ৰাজ্যজুৰি ৰাইজে মৰমৰ শিল্পীগৰাকীক একপ্ৰকাৰ শ্রদ্ধাঞ্জলি জনালে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বিয়োগৰ পাছতেই জুবিন গাৰ্গক লৈ ৰাইজৰ মনত আছিল বহু আশা। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে তেওঁ আছিল আশাৰ সঞ্জীৱনী সুধা স্বৰূপ। বিধিৰ লিখন নাযায় খণ্ডন। প্রিয় শিল্পীগৰাকীৰ অভাৱ কোনোকালেই হয়তো পূৰণ নহ’ব। সেইবাবেই জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে ৰাইজে নিজৰ লোকচান কৰি হ’লেও বন্ধ ৰাখিলে সকলো প্রতিষ্ঠান। বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কথা সুকীয়া। কিন্তু একাংশ সৰু ব্যৱসায়িক প্রতিষ্ঠানৰ বাবে এদিন দোকান বন্ধ ৰখা মানে ভাতমুঠি যোগাৰ কৰাটো অসম্ভৱ কথা। জুবিনৰ বাবে সকলো ত্যাগ আজি হাঁহিমুখে স্বীকাৰ কৰিলে অসমীয়াই। উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীও আজি হৈ পৰিল সম্পূৰ্ণ স্তব্ধ। মহানগৰীৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰ, গণেশগুৰি, মালিগাঁও আদি এলেকা আজি সম্পূর্ণরূপে বন্ধ হৈ পৰিল। নিষিদ্ধঘোষিত সংগঠনৰ আতংকৰ বাবে নহয়, এয়া এগৰাকী গণশিল্পীৰ প্ৰতি ৰাইজৰ শ্ৰদ্ধাঞ্জলি। প্রিয় শিল্পীগৰাকীৰ প্ৰতিটো গীতক গুণগুণাই শ্ৰদ্ধাৰে সুঁৱৰিবলৈ আজি বিভিন্ন ধৰণে ৰাইজে কাৰ্যসূচী গ্ৰহণ কৰিলে। ৰাজপথত গীটাৰ বজাই অনুৰাগীয়ে অশ্রুসিক্ত নয়নেৰে শিল্পীগৰাকীৰ কেইবাটাও গীত গুণগুণাই শ্ৰদ্ধাৰে সুঁৱৰিলে। কোনোৱে যদি প্রিয় শিল্পীগৰাকীৰ ফটোৰ ওপৰত মালা অর্পণ কৰি শ্রদ্ধা নিবেদিলে তেন্তে আন কোনোরে বস্তি প্রজ্বলন কৰি বা জুবিনদা অমৰ হওক ধ্বনিৰে শেষ শ্রদ্ধা জ্ঞাপন কৰিলে। অনুৰাগী সমাজে মহানগৰীৰ ৰাজপথত উলিয়ালে কেইবাটাও বৃহৎ সমদল। বাদ পৰি নাথাকিল অটোচালক, ই-ৰিক্সাচালকসকল। মহানগৰীৰ ৰাজপথত প্রিয় শিল্পীগৰাকীৰ ফটো নিজ বাহনত আঁৰি তেওঁলোকে উলিয়ালে বৃহৎ সমদল। আন একাংশই আকৌ খোজকাঢ়িয়েই শিল্পীগৰাকীৰ ফটো বুকুত সাবটি অশ্রুসিক্ত নয়নেৰে সমদল উলিয়াই শ্রদ্ধা জ্ঞাপন কৰিলে। তেওঁলোকৰ মতে, আজিৰ পাছত কাইলৈ চিৰদিনৰ বাবে মহাশূন্যত বিলীন হ’ব সকলোৰে হার্টথ্র’ব জুবিন গাৰ্গ। মহান শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ ক্ষেত্ৰত পিছপৰি নাথাকিল সদৌ অসম ছাত্র সন্থা, চমুকৈ আছু। কালি শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতেই আছুৰ উদ্যোগত লতাশিল খেলপথাৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰেই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত চানমাৰিৰ মুখ্য কার্যালয়ত শিল্পী জুবিন গাৰ্গৰ এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে গুৱাহাটীত শিল্পীগৰাকীৰ এটি পূর্ণ প্রতিমূর্তি স্থাপনৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছে। ইয়াৰ বাবে পৰিষদে ভূমিৰ আবণ্টন বিচাৰি মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। একেদৰে ৰাজ্যজুৰি বিভিন্ন স্থানত ৰাইজে নিজাববীয়াকৈ অনুষ্টুপীয়া শ্রদ্ধাঞ্জলি অনুষ্ঠানেৰে মৰমৰ শিল্পীগৰাকীক শেষবাৰলৈ সোঁৱৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে।