হায়দৰাবাদক ৪ উইকেটত পৰাস্ত মুম্বাইৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বাংখেড়ে ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত মেচখনত ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৪ উইকেটত পৰাস্ত কৰি চলিত আইপিএলত বৰ্তি থকাৰ আশা সজীৱ কৰি তুলিছে।মেচখনত ছানৰাইজাৰ্ছে জয়ৰ বাবে বান্ধি দিয়া ১৬৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মুম্বায়ে ১৮.১ অভাৰত ৬টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে। মুম্বাইৰ হৈ উইল জেকছে সর্বাধিক ৩৬ ৰান কৰাৰ লগতে অ’পেনাৰ ৰিয়ান ৰিকেল্টনে ৩১, ৰোহিত শর্মাই ২৬, সূর্য কুমাৰ যাদৱে ১৫টা বলত ২৬, অধিনায়ক হার্দিক পাণ্ডিয়াই ৯টা বলত ২১ ৰান কৰাৰ লগতে তিলক বার্মাই ২১ ৰান কৰি অপৰাজিত হৈ থাকে। হায়দৰাবাদৰ হৈ পেট কামিনছে সর্বাধিক তিনিটা উইকেট লাভ কৰে। উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছৰ এয়া আছিল তৃতীয় জয়। দলটোৱে এতিয়ালৈকে সাতখন মেচ খেলি চাৰিখনত পৰাস্ত হৈছে। ইপিনে, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এয়া আছিল পঞ্চম পৰাজয়। দলটোৱে সাতখন মেচৰ মাত্ৰ দুখনতহে জয়ৰ মুখ দেখিছে। ইয়াৰ পূর্বে ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছৰ আমন্ত্রণক্রমে বেটিং কৰিবলৈ আহি অ’পেনাৰ অভিষেক শৰ্মাৰ সৰ্বাধিক ৪০ ৰানৰ সহায়ত ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৬২ ৰান সংগ্ৰহ কৰে। ইনিংছ মুকলি কৰিবলৈ অহা অভিষেক শৰ্মা আৰু ট্রেভিছ হেডে ছানৰাইজাৰ্ছক আক্ৰমণাত্মক আৰম্ভণি দিয়াত ব্যর্থ হয়। ৭.৩ অভাৰত ৫৯ ৰান সংগ্ৰহৰ সময়তে অভিষেক শৰ্মাৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱায় ছানৰাইজাৰ্ছে। অভিষেকে ২৮টা বলত সাতটা চাৰিৰে ৪০ ৰানৰ অৰিহণা আগবঢ়ায়। ইফালে, অভিষেক আউট হোৱাৰ কিছু সময় পিছতে ঈশান কিষাণে মাত্র ২ ৰান কৰি পেভিলিয়নমুখী হয়। সেই সময়ত দলটোৰ দলীয় স্ক’ৰ আছিল দুই উইকেটত ৬৮। ইফালে, ট্রেভিছ হেডে দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়। বিস্ফোৰক অ’পেনাৰগৰাকীয়ে ২৯টা বলত তিনিটা চাৰিৰে ২৮ ৰান কৰি বিদায় লয়। আনহাতে, নীতিশ কুমাৰ ৰেড্ডীয়ে ১৯ ৰানত পেভিলিয়নমুখী হয়। অৱশ্যে ক্লাছেনে ২৮টা বলত তিনিটা চাৰি আৰু দুটা ছয়েৰে ৩৭ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলি দলটোক কিছু সুস্থিৰ অৱস্থাত উপনীত কৰায়। অনিকেত বার্মাই আঠটা বলত দুটা ছয়েৰে ১৮ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে অধিনায়ক পেট কামিনছে আঠ ৰান কৰি অপৰাজিত হৈ থাকে। মুম্বাই ইণ্ডিয়ানছৰ হৈ উইল জেকছে সর্বাধিক দুটা উইকেট লাভ কৰাৰ লগতে ট্রেন্ট ব’ল্ট, যশপ্রীত বুমৰাহ আৰু হার্দিক পাণ্ডিয়াই এটাকৈ উইকেট লাভ কৰে।