হামিংবার্ড – ছেলিমা বেগম

PC Adobe Stock
হামিংবার্ড
ছেলিমা বেগম,  জিলা নগাঁও 
ভাদ মহীয়া আবেলি পৰত
ডাৱৰীয়া বতৰত
বহি আছিলোঁ আগ ফালৰ চোতালত
চকু দিলোঁ   ওপৰত
চাই পালোঁ গছৰ ডালত
কি পালোঁ মনত!
চাই থাকোতে উৰি ফুৰোতে
তোমাক পালোঁ।
এবাৰ ৰৈ কৈ যোৱা
তুমি ৰূপহী কোন ?
সৌ স্বৰ্গৰ পৰা অহা দেৱ দূত
নে পৰিস্থানৰ পৰি
পাখি দুখনত আছে তোমাৰ
সোণৰ খনি।
সৰু সৰু ঠোঁট দুটি
হীৰাৰ  তৈয়াৰ ,
চমক, চমক ঠেং দুটি
মুকুতাৰ তৈয়াৰ ,
সৰু, সৰু পাখি দুটি
মনিৰ দি গাঁথা,
সৰু সৰু চকু দুটি
মাৰ্বল দি গাঁথা
উৰি, উৰি কলৈ যোৱা
কোৱা তুমি কোন?
কি নাম দিম  তোমাক কোৱা
স্বৰ্গস্বৰী নে ৰূপেশ্বৰী !
পৃথিৱীৰ সবাতকৈ সৰু পক্ষী আমি।
নাম আমাৰ হামিংবার্ড
চমকি চমকি ঠোঁট দুটিৰে
ফুলৰ মৌ চুমো
পক্ষী জাতৰ ৰাণী বোলোতে
ভুল নহব আমাকে।
গছৰ পাতৰ আঁৰত আছে
আমাৰ ঘৰ,
মৰম লগা পোৱালি দুটি
আছে আমাৰ ঘৰত।
বৰুণ দেৱতাই কোপদৃষ্টি
দিয়ে আমালৈ,
আচলৰ তলত উম দিওঁ আমি
অতি যতনেৰে ৰাখোঁ।
সূৰ্য্য দেৱতাই যেতিয়া ভামুকি মাৰে
পাতৰ ছাঁত  ৰাখোঁ।
প্ৰকৃতিৰ নিয়মত যেতিয়া পাত সৰে
সিহঁতক উলিয়াই দিওঁ
এয়াই আমাৰ পৰম্পৰা
পৰম ধৰ্ম আমাৰ
নিজৰ আহাৰ নিজেই বিচাৰি লয়
আমাক নেলাগে আৰু
কাৰু অন্যায় নকৰোঁ আমি
প্ৰকৃতিৰ  নিয়মত থাকোঁ ।