হাত – সত্যজিৎ গগৈ

PC - Unsplash
হাত
সত্যজিৎ গগৈ,
নাহৰকটীয়া, ডিব্ৰুগড়
ঘন কুঁৱলী বৰণৰ
ভাৱ এটা উৰি যোৱা
কোনোবা নিশাৰ পৰা
উঠি অহা এখন নৈ
বাউসিৰ পৰা খহি পৰে
নিৰ্বাক এটা তৰা
বুকু ভাঙি এছটা শিলে
অহৰ্নিশে মাথো চিঞৰিছে
চিগি পৰা এখন হাত
জোৰা লগাবলৈ
ক’ত বা বেলিটো লুকালে…।।