হাতে সলনি কৰিব ব্যৱস্থা

হাতে সলনি কৰিব ব্যৱস্থা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ সৰ্ব সাধাৰণ ৰাইজৰ সৈতে প্ৰায় ১৪ খনতকৈও অধিক নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ গোস্বামীয়ে। উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন কুমাৰ বৰা উপস্থিতিত থাকে। উল্লেখযোগ্য যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শক ভাল পায় লালগণেশ, বিৰুবাৰী, নিজৰাপাৰ, সাতগাঁও, নুনমাটি, চান্দমাৰী, লখৰাকে ধৰি বৃহত্তৰ অঞ্চলৰ প্ৰায় দুইশতাধিক বিজেপী কৰ্মীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত সভাপতি ভুপেন কুমাৰ বৰাৰ উপস্থিতিত যোগদান কৰে।ইয়াৰোপৰি শেহতীয়া মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই নিৰ্বাচনী প্ৰচাৰ সভাত মীৰা বৰঠাকুৰৰ গোস্বামীক বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়।উক্ত সভাত কয় যে অসমৰ সাহসী আৰু দুৰ্দান্ত কন্ঠৰে দিল্লীত ৰাইজৰ হৈ যুঁজ কৰিব পৰা মীৰা বৰঠাকুৰ একমাত্ৰ উপযুক্ত প্ৰাৰ্থী। গুৱাহাটীত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ জয়ী হোৱা মানে ২০২৬ ত দিশপুৰ পৰা বিজেপী নোহোৱা হোৱা। অহা দিনত পুৰণি কৰ, অংগণবাদী কৰ্মী, চৰকাৰী কৰ্মচাৰী সকলৰ পুৰণি পেঞ্চন নীতি, ন লখিমী আদি কংগ্ৰেছৰ হাতত ক্ষমতা আহিলে আগৰ দৰে কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈ, উপ সভাপতি আৰ পি শৰ্মা, উপ সভাপতি গুণ কান্ত গগৈ,অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জিন্টু হাজৰিকা, ৰফিকুল ইছলাম, কৃদীপ বৰ্মন, জ্যেষ্ঠ নেতা পৰেশ ৰহাং, জ্যেষ্ঠ মুখ পাত্ৰ কুশল শৰ্মা, গোপাল শৰ্মা , বেদ্ৰব্ৰত শৰ্মা, কামৰূপ মহানগৰ জিলা মহিলা কংগ্ৰেছৰ অনামিকা স্বাৰ্গীয়াৰী সহিতে বিভিন্ন বিৰোধী দলৰ নেতা কৰ্মীৰ লগতে সৰ্ব সাধাৰণ ৰাইজ উপস্থিত থাকে।