হাতীগাঁও চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ হাতীগাঁও চাৰিআলিৰ অজন্তা পথৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড। নিশা সংঘটিত এই অগ্নিকাণ্ডত ভস্মীভূত শতাধিক পৰিয়ালৰ বাসগৃহ। এটা ভাড়াতীয়া আৱাসিক এলেকাত সংঘটিত হৈছে এই অগ্নিকাণ্ড। জুইৰ লেনিহান শিখাই মুহূৰ্তৰ ভিতৰতে ছানি ধৰে সমগ্ৰ অঞ্চল। নিশা প্ৰায় ১০.১৫ বজাত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। কেইবাটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অধিক ভয়ংকৰ ৰূপ লয় জুয়ে। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয় তৰ্জা আৰু টিনপাতৰ বাসগৃহসমূহ। অগ্নিকণ্ডৰ ফলত দুখনকৈ চাৰিচকীয়া বাহনত অগ্নিসংযোগ ঘটে। ইয়াৰে এখন বাহন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। সৌভাগ্যক্ৰমে অগ্নিকাণ্ডৰ ফলত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ৰিজু আলী নামৰ লোকজনৰ ভড়াতীয়া এলেকাত সংঘটিত হয় এই অগ্নিকাণ্ড। ১৫খনৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত জুই নিৰ্বাপন কৰা হয়। নিশাই ঘটনাস্থলীত উপস্থিত হয় DCP সুৰজিৎ সিং পানেচৰ।