হাতীগাঁওত দাৱাত-ই- ইফতাৰ

হাতীগাঁওত দাৱাত-ই- ইফতাৰ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- জামাত-ই-ইছলামী হিন্দ, অসম; উত্তৰ মণ্ডলৰ গুৱাহাটী মহানগৰ বিভাগৰ উদ্যোগত মহানগৰীৰ হাতীগাঁওস্থিত “জাতীয় বিদ্যালয়, দিশপুৰ” প্ৰাংগণত ২৯ মাৰ্চৰ সন্ধিয়া “দাৱাত – ই – ইফতাৰ” শীৰ্ষক এখনি আলোচনা সভাৰ লগতে সমন্বয়-সংহতিৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । সভা পৰিচালনা কৰে বজলুল বাছিদ চৌধুৰীয়ে । দৰচ- ই- কোৰআন পাঠ কৰে মৌলানা চহিদুল ইছলামে । আদৰণী ভাষণ দিয়ে চাহাব উদ্দিন আহমেদে । অনুষ্ঠানত ভাষণ দি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা পৰাগজ্যোতি প্ৰকাশনৰ সচিব দীপক শৰ্মাই কয়- “সদ ভাৱে কৰা, সৎ চিন্তাধাৰাৰ প্ৰতিটো কাম দীৰ্ঘস্থায়ী হয় । হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ সকলো এক । আমাৰ জীৱন ধাৰণৰ প্ৰণালী বেলেগ ।” সভাত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ফজলুৰ ৰহমানে অংশ লৈ ইছলাম ধৰ্মৰ কাম-কাজৰ খতিয়ান দাঙি ধৰে । সভাত বিশিষ্ট ব্যক্তি আব্দুৰ ৰহমানে অংশ লৈ কয়- উপাসনা পদ্ধতি যিয়ে নহওক, আমি সকলো কাম সৎ চিন্তাৰ মানসিকতাৰে কৰিব লাগে । সভাত বিশিষ্ট চিকিৎসক ডা: অপূৰ্ব বৰুৱা, ছেৱাৰ কৰ্মচাৰী জয়ন্ত মেধি, লেখিকা ৰমিছা বেগম, মীনাক্ষি বৰগোহাঁই, গীতাঞ্জলি ডেকা, হৰেন্দ্ৰ বৈশ্য, উপেন্দ্ৰনাথ কলিতা, আব্দুল আলিম, ওমৰ আলী আহমেদ প্ৰভৃতিয়ে বক্তব্য দাঙি ধৰে ।