হাটশিঙিমাৰীত হত্যাকাণ্ডৰ অভিযোগত ১৪ লোকক যাৱজ্জীৱন কাৰাদণ্ড

হাটশিঙিমাৰীত হত্যাকাণ্ডৰ অভিযোগত ১৪ লোকক যাৱজ্জীৱন কাৰাদণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী জিলা ও সত্র ন্যায়াধীশ আদালতে এক ঐতিহাসিক ৰায়দান প্রদান কৰে। হত্যাৰ অভিযোগত ১৪ গৰাকীকৈ অভিযুক্তক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে মহামান্য আদালতে। উল্লেখযোগ্য যে, জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ সঞ্জয় হাজৰিকাৰ এজনীয়া বিচাৰপিঠে দুদিন পূৰ্বে হত্যাৰ অভিযুক্ত লোক কেইজনক দোষী সাব্যস্ত কৰি দুদিনৰ বাবে ধুবুৰীত ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছিল। আজি পুনৰ আদালতত হাজিৰ কৰোৱাৰ পাচত তেওঁলোকৰ শাস্তি ঘোষণা কৰা হয়। ১৪ হত্যাকাৰীক আদালতে আজি যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছে। মৃত্যুৰ আগলৈকে হত্যাকাৰী কেইজনে জেলতে থাকিব লাগিব বুলি লোক অধিবক্তাই জানিবলৈ দিছে। উল্লেখ্য যে ২০২১ চনৰ ১৩ মে’ত মোহাক্কাৰ হুছেইন নামৰ লোকজনক হত্যাকাৰীয়ে দাৰে ঘপিয়াই আক্ৰমণ কৰে। লগে লগে পুত্ৰ আব্দুৰ ৰৌফ আল হাছান (৩২) পিতৃ মোহাক্কাৰ হুছেইনক উদ্ধাৰৰ বাবে যোৱাত তেওঁকো দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাত কৰে। স্থানীয় ৰাইজৰ ভিৰৰ সুবিধা লৈ হত্যাকাৰীয়ে পলায়ণ কৰে। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত পিতা-পুত্ৰক স্থানীয় গজাৰিকান্ধি হাস্পতালত নিয়া হয় যদিও অৱস্থা সংকটজনক হোৱাত দুয়োকে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়। গোৱালপাৰালৈ লৈ যোৱা পাছতে পুত্ৰ আব্দুৰ ৰৌফ আল হাছান মৃত বুলি চিকিৎসকে ঘোষণা কৰে। বৰ্তমান পিতৃ মোহাক্কাৰ হুছেইন সুস্থ অৱস্থাত আছে।  ঘটনা সন্দর্ভত মানকাচৰ আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ ৪৪৭ ৩২৬/৩০২/৩৪ ধাৰাৰ অধীনত ১৮/২০২১ নম্বৰ গোচৰ ৰুজু হৈছিল। ইতিমধ্যেই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত অভিযুক্ত ইছাম গণি জেল হাজোতত বেমাৰত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। বাকী অভিযুক্ত সকল জামিন লাভ কৰিছিল কিন্তু ১৯ নৱেম্বৰত দক্ষিন শালমাৰা-মানকাচৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতত ১৪গৰাকীকৈ অভিযুক্তক মহামান্য আদালতে দোষী সাব্যস্ত কৰি দুদিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ কৰিছিল আৰু ২১ নৱেম্বৰত চুড়ান্ত ৰায়দানৰ দিন ঘোষনা কৰিছিল। সেইমর্মে আজি দক্ষিণ শালমাৰা- মানকাচৰ জিলা সত্ৰত্র ন্যায়াধীশ আদালতে ১৪ গৰাকীকৈ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে দহ হেজাৰ টকা বিহে। কাৰাদণ্ডৰে দণ্ডিত কৰা লোক সকলক লৈ যোৱা সময়ত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। লক্ষণীয় যে আজি হত্যাৰ গোচৰত অভিযুক্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড দিয়া অভিযুক্ত কেইগৰাকী ক্ৰমে ওমৰ ফাৰুক ৰফিকুল ইছলাম, আছুৰুদ্দীন, উজিৰ মহাম্মদ, শ্বাহ জামাল, আলিয়া বিবি, কামাল আকন্দ, ৰফিকুল হক, সম্রাট আকন্দ, ৰানা আকন্দ, ৰছুল উদ্দিন, আক্কাছ আলী, নজৰুল ইছলাম আৰু ছাদৱাল আকন্দ। উল্লেখযোগ্য যে মানকাচৰ থানা এলেকাৰ পুৰান দিয়াৰা গাঁৱৰ মহাক্কাৰ হাছানৰ পুত্ৰ ৰোফ আল হাছানক ভূমি কেন্দ্ৰীক সংঘাতৰ ফলত উল্লেখিত অভিযুক্ত কেইগৰাকীয়ে হত্যা কৰিছিল বুলি পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিছিল। যোৱা তিনিবছৰ ধৰি আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছিল।