হাজো-শুৱালকুছি সমষ্টিত পোষ্টেল যোগে ভোট গ্ৰহণ
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতবৰ্ষৰ সংবিধানৰ ৩৯৫ নং অনুচ্ছেদত মৌলিক অধিকাৰত অন্তৰ্ভূক্ত ভোটাধিকাৰ। এগৰাকী বিখ্যাত ব্যক্তিৰ উক্তিত পাইছিলো-গণতন্ত্ৰ হ’ল জনাসাধাৰণক লৈ ,জনসাধাৰণৰ কাৰণে আৰু জনসাধাৰণৰ দ্বাৰা পৰিচালিত চৰকাৰ ।এইবাৰ হাজো-শুৱালকুছি সমষ্টিত পাঁচ গৰাকী প্ৰাৰ্থী প্ৰতিদণ্ডিতা কৰিছে।সেইসকল হ’ল– অসম গণ পৰিষদৰ প্ৰকাশ দাস,কংগ্ৰেছেৰ নন্দিতা দাস,তৃণমূল কংগ্ৰেছৰ ফুনু দাস,নিৰ্দলীয় ৰাজু পাটোৱাৰী আৰু সিদ্ধাৰ্থ দাস।আটাইলৈকে শুভেচ্ছা জনালোঁ।

৩১মাৰ্চ ২০২৬তাৰিখে অনামিকা (সংগীতা)কলিতাৰ বিশেষভাৱে সক্ষম সন্তান পাৰ্থ কলিতাই পোন প্ৰথম বাৰ পোষ্টেল যোগে গোপনীয়তা ৰক্ষা কৰি ভোট দি নিজৰ অধিকাৰ সাব্যস্ত কৰিলে। এখন দেশ সুস্থ সফলভাবে পৰিচালিত হ’বলৈ নিখুটভাৱে ভোটদান প্ৰক্ৰিয়া জৰুৰী সেয়া দেখিবলৈ পাই সুখী অনুভৱ কৰিছোঁ । বুথ বিষয়া(বিয়েলো) ববী কলিতাৰ লগতে এই সেৱাত জড়িত প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জনাইছোঁ।
