হাজো শিক্ষা খণ্ডত শিক্ষণ শিকন সামগ্ৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা
বংশৰ,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ শিক্ষা কামৰূপৰ অধীনত হাজোত খণ্ড পৰ্যায়ত শিক্ষণ শিকন সামগ্ৰীৰ প্ৰতিযোগিতা খনি হাজো আদৰ্শ বিদ্যাপীঠ হাইস্কুলত অনুস্হিত হয়। চি আৰ চি চি দ্বীপ কান্ত পাঠকে আতধৰা অনুষ্ঠানটিত খণ্ড শিক্ষা বিষয়া ইনামুল মজিদদেৱে টি এল এম প্ৰতিযোগিতা ৰ আদৰণি ভাষণেৰে শুভাৰম্ভ কৰে। আদৰণি ভাষণত শিক্ষা বিষয়া গৰাকী য়ে উক্ত প্ৰতিযোগিতাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ -ছাত্ৰী সকলৰ শৈক্ষিক দিশত বেছি মনোগ্ৰাহী হৱ বুলি উল্লেখ কৰে। টি এল এম প্ৰতিযোগিতাত হাজো শিক্ষা খণ্ডৰ মুঠ ৫৫ খন বিদ্যালয়ে অংশ গ্ৰহণ কৰে। সাক্ষৰতা আৰু সাংখ্যিকতাৰ ক্ষেত্ৰত ছাত্ৰছাত্ৰীয়ে উপকৃত হবপৰাকৈ শিক্ষাগুৰু বৃন্দই নিজহাতে সৰ্বাঙ্গসুন্দৰ ভাবে শিক্ষণ শিকন সামগ্ৰী প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে। প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত হাজো খণ্ড প্ৰাথমিকৰ সহ:পৰিদৰ্শক পুলক ঠাকুৰীয়া, হাজো আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দাস, সভাপতি দ্বিজেন্দ্ৰ নাথ দাস,সমল ব্যাক্তি দীনেশ কলিতা,ধৰ্মেন্দ্ৰ বড়ো,আলাউদ্দিন আহমেদ,দুলুমনি কলিতা ওজা, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক বৃন্দকে আদি কৰি প্ৰতিযোগিতাৰ বিচাৰক হিচাপে প্ৰসেনজিৎ শৰ্মা, সুৰভি দাস, অঞ্জনা ডেকা, তৃপ্তিময়ী তালুকদাৰ উপস্থিত থাকে । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিখন বিদ্যালয়কে একোখনকৈ প্ৰশংসাপত্ৰ প্ৰদান কৰাৰ লগতে সাংখ্যিকতাৰ গন্ধমৌ ক্লাছটাৰ ৰাৱণবৈ যজ্ঞৰাম মেধি প্ৰা:বিদ্যালয় প্ৰথম, পি.এম.শ্ৰী ৰামদিয়া প্ৰা: বিদ্যালয় দ্বিতীয় আৰু বংশৰ ক্লাছটাৰৰ ৪৮৮ নং গন্ধমৌ প্ৰা:বিদ্যালয় তৃতীয় আৰু উদগনি হিচাপে কুলহাটী মজলীয়া বিদ্যালয়ে মানপত্ৰৰ লগতে একোটাকৈ মমেন্টো লাভ কৰে। আনহাতে সাক্ষৰতাত শিঙিমাৰী প্ৰা: বিদ্যালয় প্ৰথম, পশ্চিম শুৱালকুছি ক্লাছটাৰৰ শুৱালকুছি সনাতন বালিকা প্ৰা: বিদ্যালয় দ্বিতীয়, ধাৰেশ্বৰ প্ৰা: বিদ্যালয় তৃতীয় আৰু উদগনি হিচাপে সোৱানচাহ মধ্য ইংৰাজী বিদ্যালয়ে মানপত্ৰৰ লগতে একোটিকৈ মমেন্টো লাভ কৰে। সমজুৱাৰ বক্তব্যত বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা জিলা কৃতী শিক্ষক ইন্দ্ৰ কান্ত বৈশ্য ই কয় যে শিক্ষন শিকক সামগ্ৰীৰ প্ৰতিযোগিতা খনি সমগ্ৰ শিক্ষা বিভাগৰ এক সুন্দৰ পদক্ষেপ বুলি ভূঁয়সী প্ৰশংসা কৰে আৰু খণ্ডৰ প্ৰতিখন বিদ্যালয়ৰ টি এল এম সামৰি মুকলি প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। হাজো শিক্ষা খণ্ডৰ মুঠ ৩৩ টা মণ্ডল সমল কেন্দ্ৰৰ কেইবা হাজাৰৰো অধিক ছাত্ৰছাত্ৰী উক্ত প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ জৰিয়তে উপকৃত হৱ বুলি আশা কৰিৱ পাৰি ৷
