হাজোৰ জাপিয়াত সম্বৰ্ধনা অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম জাপিয়া বনজ্যোতি সংঘৰ প্ৰাঙ্গনত ঈদগাহ ময়দানৰ বাকৰিত মুছলিম ও হিডালবড়ী গাওঁ উন্নয়ন সমিতিৰ উদ্যোগত শুকুৰবাৰে কৃতী শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱা হয়। পশ্চিম জাপিয়া অঞ্চলৰ কেইবাগৰাকীও ছাএ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° নুৰুল ইছলাম শইকীয়া , আমন্ত্ৰিত অতিথি হিচাপে ক্ৰমে কামৰূপ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তৰণী চৰণ কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক অতুল কলিতা, গাওঁপ্ৰধান আলহাজ চান্দমহম্মদ আলী,অৰুণোদয় জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আনোৱাৰ হুছেইন, অসম গৃহৰক্ষী বাহিনীৰ সম্পাদক ইক্ৰাম আলী, সংবাদকৰ্মী হিৰক দাস প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বনজ্যোতি সংঘৰ সম্পাদক ৰাহুল আলীয়ে আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে শিক্ষক ৰহিম আলীয়ে। অনুষ্ঠানত বনজ্যোতি সংঘ, ঈদগাহ সমিতি, মুছলিম ও হিডালবড়ী গাওঁ উন্নয়ন সমিতিয়ে এই ক্ষেত্ৰত উদ্যোগ লয়।