হাজোৰ খোপনিকুচিত সংঘটিত হৈছে এক জঘণ্য ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা- হাজোৰ খোপনিকুচিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এটা পৰিয়ালৰ ওপৰত এচিড আক্ৰমৰ দৰে ঘটনা সংঘটিত কৰিলে দুৰ্বৃত্তই। জানিব পৰা মতে দুৰ্বৃত্তৰ এই এচিড আক্ৰমণত আহত হৈছে পৰিয়ালটোৰ তিনিগৰাকীকৈ সদস্য।দুৰ্বৃত্তৰ দলে পৰিয়ালটোৰ কিশোৰীগৰাকীলৈ লক্ষ্য কৰি চলাইছিল এই এচিড আক্ৰমণ।পৰিয়ালটোৰ লোকসকলে জানিবলৈ দিয়া মতে নিশা শুই থকাৰ অৱস্থাত খিৰিকীৰে দুৰ্বৃত্তই এচিড নিক্ষেপ কৰে। প্ৰেমজনিত কাৰণতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। স্থানীয় এজন যুৱকে প্ৰেমৰ প্ৰস্তাৱ দি কিশোৰীগৰাকীক বাৰে বাৰে দি আহিছিল বিভিন্ন ভাবুকি। সেয়ে নিজৰ ঘৰত থকাৰ বিপৰীতে খোপনিকুচিৰ মোমায়েকৰ ঘৰত মাতৃৰ সৈতে থাকিবলৈ লৈছিল কিশোৰীগৰাকী। তেনে সময়তেই মঙলবাৰে নিশা খোপনিকুছিৰ মোমায়েকৰ ঘৰতেই এচিড আক্ৰমণৰ বলি হ’ল কিশোৰীগৰাকীৰ লগতে পৰিয়ালৰ আন সদস্য।এচিড আক্ৰমণত আহত কেইগৰাকী ক্ৰমে জাহেদা চুলতানা, মালেকা খাতুন আৰু মনেছ আলী। এই ঘটনাত গুৰুতৰভাৱে আহত তিনিওকে সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। নিশা শুই থকা অৱস্থাত খিৰিকীৰে দুৰ্বৃত্তই কৰা এই এচিড আক্ৰমণৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।