হাজী মুছাফিৰ খানাত এসন্ধ্যা- গোপাল জালান

Pc Just Dial

হাজী মুছাফিৰ খানাত এসন্ধ্যা

গোপাল জালান

ভাৰতত আজাদী কি অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি স্বাধীনতা দিৱসৰ দিনা আয়োজন কৰা হয় বিভিন্ন অনুষ্ঠানৰ৷ ৭৫ বছৰীয়া মহোৎসৱৰ চিৰস্মৰণীয় কৰি ৰাখিবলৈ দেশৰ আন ৰাজ্যৰ লগতে অসমতো প্ৰায়ভাগ অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠন আদিয়ে আয়োজন কৰে সম্বৰ্ধনা আদিৰ৷ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ বৰঙনি আগবঢ়োৱা ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিলে দেশৰ এই গৌৰৱময় ক্ষণত৷ এনে একক্ষণৰ সাক্ষী হ’বলৈ নেহেৰু ষ্টেডিয়ামৰ সমীপতে লাগি থকা হাজী মুছাফিৰ খানাই ৭৫ সংখ্যক স্বাধীনতা দিৱসত সম্বৰ্ধনা জ্ঞাপন কৰিলে ৰাজ্যৰ ২৩ গৰাকী বিশিষ্ট ব্যক্তিক৷ ১৯৭৫ চনত গঠন হোৱা হাজী মুছাফিৰ খানাই বিগত সময়ছোৱাত সমাজৰ প্ৰতিটো স্তৰৰ লোকক বিভিন্ন ধৰণে সহায়-সহযোগ কৰি আহিছে৷ যোৱা ১৫ আগষ্টৰ সন্ধিয়া আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা লোকসকলৰ মাজত মোৰো নাম অন্তৰ্ভুক্ত হৈছিল৷ উক্ত অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ৷ কাৰণ এনে একোটা অনুষ্ঠানৰে জড়িত হ’ব পৰাতো পৰম সৌভাগ্যৰ কথা৷ আমি সমাজলৈ কি ধৰণৰ অৱদান আগবঢ়াইছোঁ সেইটো ডাঙৰ কথা নহয়, সৱাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল এনে ধৰণৰ সম্বৰ্ধনাই কাম কৰিবলৈ প্ৰেৰণা যোগায়৷ সমাজৰ প্ৰতি সকলোৰে দায়িত্ব আছে৷ এই দায়িত্ব সকলোৱে পালন কৰা উচিত৷ এইক্ষেত্ৰত হাজী মুছাফিৰ খানায়ো বিগত সময়ছোৱাত দায়িত্ব ভালদৰে সম্পাদন কৰি আহিছে৷
হাজী মুছাফিৰ খানাই হজ যাত্ৰীসকলক সদায় সহায় কৰি আহিছে৷ তদুপৰি দুখীয়া লোককো বিভিন্ন ধৰণে সহায় কৰিছে৷ বিপদৰ সময়ত অসহায় লোকক সহায়-সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত হাজী মুছাফিৰ খানাৰ ভূমিকা বিশেষ মন কৰিবলগীয়া৷ এনে ধৰণৰ অনুষ্ঠানে সমাজৰ সকলো লোকৰ মাজত সমন্বয় প্ৰতিষ্ঠাৰ লগতে ভ্ৰাতৃত্ববোধ অটুট ৰাখিবলৈ চেষ্টা চলায়৷ সমাজত এনেধৰণৰ অনুষ্ঠানৰো সদায় প্ৰয়োজন৷ কাৰণ সমাজৰ মূলচালিকা শক্তি হ’ল অনুষ্ঠান-প্ৰতিষ্ঠান৷ মানুহৰ মাজত সৃষ্টি হোৱা মতবিৰোধ, সংঘাত আদি নোহোৱা কৰাৰ ক্ষেত্ৰত সদায় অনুষ্ঠান-প্ৰতিষ্ঠানেই আগভাগ লৈ আহিছে৷ হাজী মুছাফিৰ খানাৰ এইক্ষেত্ৰত ব্যতিক্ৰম নহয়৷ ১৯৭৫ চনৰ পৰা এই অনুষ্ঠানটোৱে বৰ্তমানলৈকে যিখিনি কাৰ্য্য সম্পাদন কৰিছে তাৰ ওপৰত চকু ফুৰালেই ইয়াৰ গুৰুত্ব ওলাই পৰিব৷ সেয়েহে সমাজৰ সকলো শ্ৰেণীৰ লোকেই এনে অনুষ্ঠানক শক্তিশালী কৰাত সহায় কৰিব লাগে৷
১৫ আগষ্টৰ উক্ত অনুষ্ঠানটোত উপস্থিত থাকি খুবেই ভাল লাগিল৷ অতি শৃংখলাবদ্ধভাৱে অনুষ্ঠিত এই অনুষ্ঠানটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত প্ৰতিগৰাকী ব্যক্তিয়ে মত-বিনিময় কৰে৷ হাজী মুছাফিৰ খানাই সোণালী জয়ন্তী বৰ্ষৰ দিশে অগ্ৰসৰ হৈছে৷ যিকোনো অনুষ্ঠান এটাই গৌৰৱোজ্ব ল সোণালী জয়ন্তীৰ দিশে ধাৱমান হোৱাটো গৌৰৱৰ বিষয় হিচাপে গণ্য কৰা হয়৷ এই অনুষ্ঠানটোৰ সতে জড়িত বিশিষ্ট ব্যক্তিসকল বিগত সময়ছোৱাত ত্যাগৰ যি নিদৰ্শন দেখুৱাই গ’ল সেই বিষয়ে প্ৰচাৰ কৰাৰ সময় আহি পৰিছে৷ সমাজৰ জটিল সন্দিক্ষণত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা হাজী মুছাফিৰ খানাই সমাজত সদায় ভ্ৰাতৃত্ববোধ স্থাপনৰ বাবে কাম কৰি আহিছে৷ সাধাৰণতে হাজী মুছাফিৰ খানা বুলি ক’লে এক নিৰ্দিষ্ট পৰিসীমাৰ মাজত সীমাবদ্ধ থকা এটা অনুষ্ঠানৰ দৰে ধাৰণা হয়৷ কিন্তু ইয়াৰ চৌহদত প্ৰৱেশ কৰাৰ পাছত এনেধৰণৰ মানসিকতাৰ সলনি হ’বলৈ ধৰে৷ কাৰণ এনে অনুষ্ঠানৰ উদ্দেশ্য আৰু লক্ষ্য সদায় মহান৷ মাথোঁঁ সাধাৰণ ৰাইজৰ মাজত উপস্থাপন কৰাটোহে গুৰুত্বপূৰ্ণ বিষয়৷ আমাৰ সমাজত এতিয়াও এনে কিছু লোক আছে যিসকলে সদায় অপব্যাখ্যাৰ ওপৰতহে গুৰুত্ব দিয়ে৷ এনে অপব্যাখ্যাই সমাজত বিভেদৰহে সৃষ্টি কৰে৷ গতিকে আমি এনেধৰণৰ বিষয়ে ব্যাখ্যা কৰোঁতে সদায় সতৰ্কতা অৱলম্বন কৰা উচিত৷ স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱত এই অনুষ্ঠানটোৱে যি আদৰ্শ দেখুৱালে সেয়া স্বাধীনতাৰ এশ বছৰীয়া উৎসৱতো অব্যাহত থাকিব বুলি আশা কৰিলোঁ৷ এনেদৰে সদায় কাম-কাজৰে আগুৱাই গৈ থাকক৷ তেতিয়া সমাজৰ লগতে দহৰ নিশ্চয় উপকাৰ সাধন হ’ব৷