হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ বাবে চহৰৰ বাহিৰলৈ যাবলৈ বাধ্য হয়ঃএআইডিএছঅ
ৰঙিলী বাৰ্ত্তাসেৱা- ছাত্ৰ সংগঠন এ আই ডি এছ অ’ ৰ অসম ৰাজ্যিক কাউঞ্চিলৰ সঁজাতি দলে অসমৰ পৰিবহন মন্ত্ৰীলৈ আৰু অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচলনা সঞ্চালকলৈ এটি স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।স্মাৰক পত্ৰত উল্লেখ থাকে যে-প্ৰতি বছৰে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী উত্তীৰ্ণ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ বাবে চহৰলৈ যাবলৈ বাধ্য হয়। জীৱনৰ বহুতো সপোন লৈ চহৰৰ মহাবিদ্যালয়ত ভৰ্ত্তি হয়। কিন্তু অত্যন্ত পৰিতাপৰ বিষয় যে দূৰণীবটীয়া গাঁও অঞ্চলৰ পৰা অযুত সপোন লৈ বহুতো মেধা ছাত্ৰ ছাত্ৰীয়ে ভৰ্তি হ’লেও সেয়া আধাতে সামৰিব লগা হৈ আছে। তাৰেই বিভিন্ন সমস্যাৰ ভিতৰত গুৰুতৰ সমস্যা হৈছে যাতায়ত। অৰ্থনৈতিকভাৱে পিছপৰা দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিন এশ দুশ টকা খৰচ কৰি শ্ৰেণী কোঠাত উপস্থিত থাকাটো সম্ভৱ নহয়। বৰ্তমান ক্ৰমবৰ্ধমান যাত্ৰী ভাৰা বৃদ্ধিয়ে আৰু সমস্যাৰ সৃষ্টি কৰিছে।ফলত বহুতো ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈছে আৰু ক্ৰমান্বয়ে এই সংখ্যাটো বৃদ্ধি হ’ব ধৰিছে।বৰ্তমান পৰিবহণ বিভাগে ছাত্ৰৰ বাবে ৩০% আৰু ছাত্ৰীৰ বাবে ৩৬% বাছ ভাৰা ৰেহাই আছে। যদিও বৰ্তমান বৰ্দ্ধিত বাছ ভাৰা সাপেক্ষে সেয়া যথেষ্ট নহয়। গতিকে ছাত্ৰসকলৰ শিক্ষা জীৱনৰ ক্ষেত্ৰত যাতে যাতায়তৰ বাবে কোনো ধৰণৰ সমস্যা সৃষ্টি নহয় সেয়া পৰিবহণ বিভাগে গুৰুত্ব সহকাৰে চোৱা দৰকাৰ৷ ছাত্ৰ সংগঠন AIDSO ই যাতায়তৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যাতে কোনো সমস্যাৰ সৃষ্টি নহয় সেই উদ্দেশ্যে চৰকাৰী ৰাজসাহাৰ্য্যৰে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে ৫০% বাছ ভাৰা ৰেহাই দিয়া সহ সকলো যাত্ৰীবাহী যাতায়তত ছাত্ৰ ছাত্ৰীৰ বাবে ভাৰা ৰেহাইৰ বিশেষ ব্যৱস্থা কৰা, প্ৰয়োজনত ছাত্ৰ ছাত্ৰীক যাতায়ত ভাট্টা প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে।ছাত্ৰ সংগঠনটোৰ’ অসম ৰাজ্যিক কাউঞ্চিলে উক্ত বিষয়টোক যথোপযুক্ত ব্যৱস্থা গ্ৰহনৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত সজোৰে দাবী জনায়৷