হাচিলা বিল পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গোৱালপাৰা চহৰৰ নিকটৱৰ্তী হাচিলা বিলত যোৱা ১৬ জুনত জিলা প্রশাসনে চলোৱা বৃহৎ উচ্ছেদ অভিযানৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে হাচিলা বিল।মুখ্যমন্ত্ৰীগৰাকীয়ে হাচিলা বিললৈ প্ৰায় ১ কিলোমিটাৰ বোকাময় পথেৰে খোজকাঢ়ি গৈ হাচিলা বিল পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে হাচিলা বিলৰ ভৌগোলিক মেপ পর্যবেক্ষণ কৰাৰ লগতে ড্রোন কেমেৰাৰ সহায়ত সমগ্র বিলখন পৰিদৰ্শন কৰি বিলখনক লৈ ভৱিষ্যৎ পৰিকল্পনা কিদৰে কৰিব পৰা যায় এই সন্দৰ্ভত বন বিভাগৰ লগতে পৰ্যটন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে আলাপ-আলোচনা কৰে। ইফালে, মুখ্যমন্ত্ৰীৰ বিললৈ যাত্রা পথতে উচ্ছেদিত লোকসকলৰ সৈতে চমু বাৰ্তালাপ কৰাৰ সময়তে মুখ্যমন্ত্রীক কেইবাগৰাকী উচ্ছেদিত পুৰুষ-মহিলাই গামোচা পিন্ধাই নিজৰ মনৰ কথা ব্যক্ত কৰে। সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই হাচিলা বিলখনৰ পুৰণি নাম হাহিলা বিল বুলি গম পালোঁ, গতিকে আমি হাহিলা বিল বুলিয়ে ক’ম এতিয়াৰে পৰা। প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে হাচিলা বিল, উৰপদ বিলক বনাঞ্চললৈ ৰূপান্তৰৰ বাবে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছোঁ। চৰকাৰে জলাশয়ৰ কিছু অংশ ইক’ ট্যুৰিজমৰ স্থলী হিচাপে গঢ়ি তোলাৰ বাবে গুৰুত্বপূৰ্ণ আঁচনি প্ৰস্তুত কৰিব। একে সময়তে ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে সংৰক্ষণ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্রাকৃতিক পাৰিপাৰ্শ্বিকতা অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলাৰ উৰপদ বিল, কুমৰী বিল আৰু হাচিলা বিল এই তিনিওখন বিলক ৩ মাহৰ ভিতৰত ৰাইজৰ মতামত লৈ বনাঞ্চল কৰিম। লগতে কুমৰী বিলকো বনাঞ্চল কৰিম। মুখ্যমন্ত্ৰীয়ে ২২ জুনৰ কেবিনেট অনুমোদনৰ কথা উল্লেখ কৰি কয় যে অসম বন নিগম ১৮৯১ৰ ৫নং ধাৰাত হাচিলা বিল এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে সংৰক্ষিত কৰাৰ প্ৰস্তাৱত ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। কেবিনেটৰ বিল সংৰক্ষণ সিদ্ধান্তই জলজ পৰিৱেশতন্ত্ৰক সুৰক্ষিত কৰাৰ লগতে মীনপালনৰ জৰিয়তে স্থানীয় জনগোষ্ঠীসকলৰ উন্নয়ন আৰু বিকাশ তথা প্রাকৃতিক ভাৰসাম্য বজাই ৰখাত সহায় কৰিব। আনহাতে কুমৰী বিল সন্দর্ভত তেওঁ কয়- বিলখনত পট্টা থকা মাটি বহুত আছে। সেই মাটিসমূহ প্রয়োজন সাপেক্ষে অধিগ্রহণ কৰা হ’ব। প্রকৃতি ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে উচ্ছেদ। গতিকে প্রাকৃতিক ভাৰসাম্য বৰ্তাই ৰখাৰ বাবে চৰকাৰে উচ্ছেদ চলাবই। হাচিলা বিলত কাকো আহিবলৈ দিয়া নহ’ব। আমাৰ লক্ষ্য হ’ব হাচিলা বিলকহে সংৰক্ষণ কৰা, মানুহবোৰক নহয়। কোনোবা নেতাই ভোটৰ আশাত মানুহবোৰক বহাইছে, ৰাস্তা, বিদ্যুৎ, পানীৰ ব্যৱস্থা কৰি দিছে। গতিকে আমি মানুহখিনিক দোষাৰোপ নকৰোঁ। সাংসদ ৰকিবুল হুছেইন, বিধায়ক এ কে ৰছিদ আলম আদিৰ দৰে মানুহৰো ইটাভাতাৰ ব্যৱসায় আছে চৰকাৰী ভূমিত। চৰকাৰক উচ্ছেদৰ চেলেঞ্জ কৰাৰ আগতে বিধায়কসকলে নিজৰ ফালে এবাৰ চাই ল’ব লাগে। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত উচ্ছেদক লৈও আমাৰ বহু পৰিকল্পনা আছে। ৰাক্ষসিনীতো উচ্ছেদ হোৱাটো নিশ্চিত। যিহেতু তাত নতুনকৈ অহা বা পুৰণি মানুহো আছে, গতিকে ৩০ দিনমান সময়ৰ প্ৰয়োজন হ’ব। তাৰ পাছত ব্যৱস্থা ল’ম। প্ৰথমবাৰৰ বাবে চৰকাৰে কিছু প্রকৃতি সংৰক্ষণৰ চেষ্টা কৰিছে, এই চেষ্টা ধাৰাবাহিকভাৱে অব্যাহত থাকিব। ৰাইজে এনেদৰে সহায়-সহযোগিতা কৰিলে আমি গোৱালপাৰা বেদখলমুক্তৰ কাম কৰি গৈ থাকিম। আজিৰ এই পৰিদৰ্শনৰ সময়ত মুখ্য সচিব ৰবি কোটা, বিশেষ মুখ্য সচিব এম কে যাদৱকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।