হাগ্ৰামা মহিলাৰীলৈ গৌৰৱ গগৈৰ শুভেচ্ছা

হাগ্ৰামা মহিলাৰীলৈ গৌৰৱ গগৈৰ শুভেচ্ছা

ৰঙিলী বাৰ্ত্তাসেৱা- চতুৰ্থবাৰৰ বাবে বিটিচিপ্ৰধান হিচাপে শপত গ্ৰহণ কৰা হাগ্ৰামা মহিলাৰীক শুভেচ্ছা জ্ঞাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। এক শুভেচ্ছা বাৰ্তাত গগৈয়ে কয়, ”হাগ্ৰামা মহিলাৰীক বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হৈ আগন্তুক কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰাৰ বাবে অশেষ অভিনন্দন জনালোঁ। লগতে তেওঁৰ দলটিকো আগন্তুক কাৰ্যকালৰ বাবে মই শুভেচ্ছা যাচিলোঁ।’’ বিটিচিৰ লগতে সমগ্ৰ অসমৰ উন্নয়ন নিশ্চিত কৰিবলৈ কংগ্ৰেছ দলে তেওঁলোকৰ মহান উদ্দেশ্য পূৰণত সদায় সহায়ৰ হাত আগবঢ়াই যাব বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷