হাগ্ৰামাৰ বিজয় মানে আমাৰ বিজয়ঃমুখ্যমন্ত্ৰী

হাগ্ৰামাৰ বিজয় মানে আমাৰ বিজয়ঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- সদ্য সমাপ্ত বিটিচি নির্বাচনত বিপিএফে একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ উভতি অহাৰ পাছত  প্রতিক্রিয়া প্রকাশ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰী ড° শর্মাৰ মতে, বিটিচি নিৰ্বাচনত বিপিএফৰ জয়লাভ মানেই এনডিএৰ জয়লাভ। বিটিচিৰ ৪০খন আসনেই এনডিএৰ দখলত আছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়- হাগ্রামা মহিলাৰীৰ বিজয় মানে আমাৰ বিজয়। যোৱা ৫ বছৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক হাগ্ৰামা মহিলাৰীয়ে সমর্থন জনাই আহিছে। বিপিএফৰ বিধায়ক দুর্গাদাস বড়ো, ৰবিৰাম ব্ৰহ্ম, চৰণ বড়োবে গোটেইকেইগৰাকীয়ে বিজেপি বিধায়িনী দলৰ বৈঠকতো অংশগ্ৰহণ কৰি আহিছে। গতিকে হাগ্রামা মহিলাৰীৰ বিজয় মানেই এনডিএৰ জয়। ফলাফল ঘোষণা হোৱা বিটিএডিৰ ৪০খন আসনেই এনডিএৰ হাতত। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ২০২৬ চনৰ বিধানসভা নির্বাচনত বিটিএডিত ১৫খন আসনত এনডিএই ইমান ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব। কংগ্রেছে যদি এখন আসনো লাভ কৰিলে হয়, তেন্তে ক’লোঁ হয় যে নন-এনডিএৰ হাতত এখন আসন আছে। এতিয়া বিপিএফে পোৱাখিনিও এনডিএৰ আসন, ইউপিপিএলে পোৱাখিনিও এনডিএৰ আসন আৰু বিজেপিয়ে পোৱাখিনিও এনডিএৰ আসন। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- ফলাফল ঘোষণাৰ পাছতে হাগ্ৰামা মহিলাৰী পুৱা ৪ বজাত মোৰ বাসভৱনলৈ আহিছিল। তেওঁ আমাক কৃতজ্ঞতা জনাইছে। যোৱা মাহতে কেইবাবাৰো হাগ্রামা মহিলাৰীৰ সৈতে বাৰ্তালাপ হৈছে। যোৱা বিধানসভা নিৰ্বাচনৰ তিনি মাহ পিছৰ পৰাই হাগ্ৰামা মহিলাৰীয়ে কেইবাবাৰো মোৰ ঘৰলৈ আহিছে। আমাৰ মূল চেষ্টা থাকিব বিপিএফ আৰু ইউপিপিএলক ওচৰ চপাই অনাটো। বিজেপিৰ লগত কাৰোৱেই সমস্যা নাই। আনহাতে মুখ্যমন্ত্রীয়ে হাগ্রামা মহিলাৰীৰ শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপালৰ সৈতে তেওঁ উপস্থিত থাকিব বুলিও উল্লেখ কৰে।