হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ ডিব্ৰুগড় জিলাৰ: ডিব্ৰুগড় জিলাৰ উত্তীৰ্ণৰ হাৰ ৮১.১০%
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড় জিলাই ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থানেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। জিলা শিক্ষা বিভাগৰ নিৰন্তৰ প্ৰচেষ্টাৰ লগতে জিলাখনৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সঠিক নিৰ্দেশনা, ছাত্ৰ-ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলশ্ৰুতিত ডিব্ৰুগড় জিলাই এই সফলতাৰ অধিকাৰী হ’বলৈ সক্ষম হৈছে। আনহাতে জিলাখনৰ এনে সফলতাৰ বাবে বিশেষভাবে উল্লেখ কৰিব লাগিব “মিছন উৎসাহ”ৰ কথা। ডিব্ৰুগড় জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ সামগ্ৰিক শৈক্ষিক পৰিৱেশৰ উন্নীতকৰণৰ নিমিত্তে জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উদ্যোগত বিগত বৰ্ষৰ আগষ্ট মাহত আৰম্ভ কৰা হৈছিল “মিছন উৎসাহ”ৰ। চৰকাৰী বিদ্যালয়সমূহত অধ্যয়নৰত যিসকল ছাত্ৰ-ছাত্ৰীয়ে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব পৰা নাই, লগতে বিদ্যালয়ত নিয়মিতৰূপে উপস্থিত থাকিব নোৱাৰে আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন কাৰণত বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা আধাতে এৰিব লগা হৈছে সেইসকল ছাত্ৰ-ছাত্ৰীক শৈক্ষিক ক্ষেত্রত সঠিক পথ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে জিলাখনৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত আৰম্ভ কৰা হৈছিল “মিছন উৎসাহ”ৰ। এই “মিছন উৎসাহ”ৰ অধীনতে ডিব্রুগড় জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী সকলে পৰীক্ষাত উন্নত মানৰ ফলাফল প্ৰদৰ্শন নকৰা ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰাৰ লগতে সময়ে সময়ে পৰীক্ষা লোৱাৰো ব্যৱস্থা কৰিছিল। আনহাতে, বিভিন্ন কাৰণত বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা আধাতে এৰিবলগীয়া হোৱা আৰু বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত নথকা ছাত্ৰ- ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ অভিভাৱকসকলৰ সৈতে মতবিনিময় কৰাৰ উপৰিও তেনে ছাত্ৰ-ছাত্ৰীসকলক পুনৰ বিদ্যালয়মুখী কৰিবলৈয়ো বিদ্যালয় কৰ্তৃপক্ষই প্ৰচেষ্টা হাতত লৈছিল। “মিছন উৎসাহ”ৰ অধীনতে জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈয়ো পাঠদানৰ ব্যৱস্থা কৰিছিল।”মিছন উৎসাহ” ৰ অধীনতে বিগত ১০ বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি জিলাখনৰ বিদ্যালয়সমূহৰ শ্ৰেনীবিভাজন কৰাৰ লগতে জিলা আয়ুক্তই সময়ে সময়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩০ শতাংশ আৰু ৫০ শতাংশ তলৰ উত্তীৰ্ণৰ হাৰৰ বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ সৈতে পৃথকে পৃথকে পৰ্যালোচনা সভাত মিলিত হৈ বিদ্যালয়ৰ শৈক্ষিক মানদণ্ডৰ উন্নয়নৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। ইয়াৰোপৰি, ধাৰাবাহিকভাবে “মিছন উৎসাহ”ৰ অধীনত জিলাখনৰ সকলো চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলৰ সৈতে পৰ্যালোচনা সভাত মিলিত হোৱাৰ লগতে বিদ্যালয়সমূহত অভিভাৱকৰ সভা আহ্বান কৰাটো বাধ্যতামূলক কৰা হৈছিল। উল্লেখযোগ্য যে, মিছন উৎসাহৰ অধীনত বিদ্যালয়সমূহৰ সঠিক মেপিংৰ সৈতে উচ্চ মাধ্যমিক বিদ্যালয় আৰু ফিডাৰ বিদ্যালয়সমূহৰ মাজত সমন্বয় গঢ়ি তোলা হৈছিল। “মিছন উৎসাহে” ছাত্ৰ- ছাত্ৰীসকলৰ মনত গভীৰ আত্মবিশ্বাস গঢ়ি তোলাৰ লগতে পৰীক্ষাত অৱতীৰ্ণ হব পৰাকৈ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ ফলশ্ৰুতিতে আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড় জিলাই ৮১.১০ % উত্তীৰ্ণৰে ৰাজ্যখনৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ’ল। অনাগত দিনত শৈক্ষিক ক্ষেত্রত ডিব্ৰুগড় জিলাৰ এই জয়যাত্ৰা অব্যাহত থাকিব বুলি শিক্ষা বিভাগে আশা ৰাখিছে।