হাঁহি – প্ৰভাত বণিয়া

Pc Pexels

হাঁহি

প্ৰভাত বণিয়া

হাঁহিয়ে জীৱন হাঁহিত সৰে মানিকি‌ মধুৰি
ইমূৰ সিমূৰ চলাথ কৰিলো
চম্পাৱতী তোমাক বিচাৰি জগতখন ঘূৰিলো
তোমাৰ  হাঁহিত‌ শেৱালী ফুলে
সুগন্ধত বুকু ভৰে

ফাগুন বনত ৰঙতে ৰাঙলী
বসন্তত হিয়ালি জিয়ালি
সেউজ সাজেৰে‌ ৰূপহী যৌৱনমতী
হাঁহিত‌ মণি-মুকতা সৰে

তুমি ৰোৱনী ভুই ৰুই থাকা
শাৰী শাৰী‌ তোমাৰ হাতৰ সোণ পৰশত‌
হালেজালে শাওনৰ‌ ৰিমঝিম পথাৰ

কুঁৱলীত ভিজা সোণালী আঘোণ
পকা‌ সুমথিৰা‌‌ ৰঙৰ আমোলমোল‌  তুমি দাৱনী জাকত‌ জিলিকা
তোমাৰ ফুলাম‌ হাঁহিত সৰে সুগন্ধি সুৱাস‌‌
আমাৰ সপোনে প্ৰাণ পায়।