হাঁহিৰ মাহাত্ম্য
মঞ্জুষা শৰ্মা
ৰুণুমীয়ে কাম – বন কৰি আজৰি হৈ আবেলি পৰত ঘৰৰ আগফালৰ বাৰান্দাতে বহি নিজৰ ভাব সাগৰত বিভোৰ হৈ আছিল | সেই সময়তে তেওঁৰ ঘৰৰ সন্মুখেদি টিউচন কৰিবলৈ যোৱা ছোৱালীকেইজনীয়ে নিজৰ কথাত জোৰেৰে হাঁহি পাৰহৈ যোৱাত ৰুণুমীৰ ভাৱত যতি পৰিল | ভাৱ সাগৰৰ পৰা ছোৱালীকেইজনীলৈ চাই ৰৈ গ’ল | ঠিক এক ছেকেণ্ডৰ পিছতেই ৰুণুমীৰ মনত প্ৰায় ৩৫ / ৪০ বছৰৰ আগৰ এটি ঘটনা সজীৱ হৈ উঠিল | ৰুণুমীয়ে আজিও সেই ঘটনাটো পাহৰিব পৰা নাই | বাটত কোনোবাই নিজ মনৰ খুচিত হাঁহি কথা পাতি গ’লে ৰুণুমীৰ মনৰ কোনোবা এটা কোণত যেন আজিও বিষ অনুভৱ হয় | নহ’বনো কিয় ?? তেতিয়াটো তাইৰ স্কুলীয়া জীৱন শেষেই হোৱা নাছিল | কৰ্মসূূত্ৰে দেউতাকৰ কৰ্মস্থান সলনি হোৱাত ৰুণুমীহঁতো দেউতাকৰ লগতে এখন নতুন ঠাইলৈ যাবলগীয়া হৈছিল | আগৰ ঠাইত যেনেদৰে ৰুণুমীহঁতে আবেলি ফুৰিবলৈ যায় ঠিক সেই একেদৰেই ৰুণুমীয়ে সেইদিনা মাহীয়েকৰ লগত নতুন ঠাইত ফুৰিবলৈ ওলাই গৈছিল | বাটত মাহীয়েক – ভাগিনীয়েকে নিজৰ কথাত হঁহাত সিহঁতৰ আগে আগে যোৱা দেউতাকৰ লগত একেলগে কাম কৰা লোক এজনৰ ল’ৰাজনে পিছ দিনা এহাত দীঘল চিঠি দেউতাকক দি তাকলৈ যেন নাহাঁহে তাক শিকাবলৈ ক’লে | ঘৰৰ সকলো আচৰিত হোৱাৰ লগতে চিঠি পঢ়ি বিনা মেঘে ব্ৰজপাত পৰাৰ দৰে হ’ল | নহ’বনো কিয় ?এই ঘটনাটোৰ পিছতহে ঘৰ খনে গম পালে যে সেই ল’ৰাজন সঙ্গৰ দোষতেই নে গ্ৰহৰ দোষতেই লক্ষ্য ভ্ৰষ্ট হৈ বিপথগামী হোৱা এজন যুৱক | ঘৰৰ মানুহবোৰে বৰ ভয় খাইছিল যদিও ৰুণুমীৰ দেউতাকৰ গাত থকা ব্যক্তিত্বৰ সেই গুণটোৰ বাবেই ভুল বুজা – বুজি সিমানতেই তল পৰি পৰিস্থিতিটো বেয়া নহ’ল | সেয়েহে হয়তো ৰুণুমীয়ে ইমান বয়সতো মন খুলি ডাঙৰ কৈ হাঁহিব নোৱাৰে | জানোচা পুনৰ ক’ৰবাত দায় লাগে | এতিয়াটো তেনে বিপদৰ পৰা বচাবলৈ তাইৰতো দেউতাকো এই পৃথিৱীত নাই | সেয়েহে ৰুণুমীয়ে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ খুহুতীয়া গল্প ‘হাঁহি’ ৰ কথাকেইটা মানি চলি স্থান – কাল – পাত্ৰ চাইহে হাঁহে | বেজবৰুৱাদেৱে ক’বৰ দৰে অসমীয়া মানুহে হাঁহিব নাপায় | বাক্যশাৰী যেন ৰুণুমীৰ জীৱনত অকণমান সলনি হৈ অসমীয়া মানুহে হাঁহিবলৈ আনৰ মতামত লৈহে যেন হাঁহিব পাৰে | সেই সময় আজিৰ সময়ৰ বহু ব্যৱধানৰ ফলতেই আজি বহুতেই মন খুলি হাঁহিব পাৰিছে | চিকিত্সা শাস্ত্ৰৰ মতেও হাঁহি হৈছে স্বাস্থ্যৰ বাবে উত্তম মহৌষধ | সেয়েহে আজিৰ এই বিপদসংকুল তথা সমস্যাৰে জৰ্জৰিত সময়টো আমি প্ৰাণ খুলি সজোৰেৰে হাঁহিবলৈ বা হহুৱাবলৈ চেষ্টা কৰো আহক | তেতিয়াহে আমি নিজকে সুস্থ – সৱল ৰূপত সকলা সময়তে স্থিৰ কৰি ৰাখিব পাৰিম |