হাঁহিৰ বন্যা – সুষমা গোস্বামী শৰ্মা,যোৰহাট

pc-printrest

হাঁহিৰ বন্যা ”
—————-

কোটৰত সোমাই পৰা , বহলকৈ মেলা চকু দুটাৰে
ফটা- চিটা কাপোৰ পিন্ধা কংকালসাৰ দেহাটিৰে
টলৌ টলৌ কৰি……..
চৌপাশে বিচৰণৰত , কোন সেইবোৰ ?

চহৰৰ বৰ বৰ অট্টালিকাৰে আবৃত পথবোৰৰ –
দুয়োকাষে গঢ় লৈ উঠা ,
পকিবেৰৰ ডাষ্ট্ বিন্ বোৰৰ মাজত সিহঁতে
খুচৰি – মুচৰি কি বিচাৰি ফুৰিছে ?

অমাবস্যাৰ , ঘোৰ অন্ধকাৰকো নেউচি –
মুকুতাৰ দৰে জ্বিলিকি উঠা
ৰঙ্গা – বগা কাগজেৰে মুঠা বান্ধি পেলাই দিয়া
সেই – টোপোলাৰ দ’ম বোৰৰ মাজত ,
শীৰ্ণকায় হাত দুটিৰে সিহঁতি বিচাৰি ফুৰিছেনো কি ?
পাইছেইবা কি ?

চহৰৰ তাৰকা ৰাজ্যৰ সুউচ্চ অট্টালিকাৰ চাৰিবেৰৰ মাজতো ফুটি নুঠা হাঁহিৰ ফোৱৰাৰ বন্যা …..
ইহঁতবোৰৰ মুখলৈ নমাই আনিছে কোনে ?
এই উচ্চ উচ্চ অট্টালিকাবোৰৰ মাজত বিচৰণ ৰত
মানুহ নামৰ সেই জীৱ বোৰেই নহয়নে ?
ডাষ্ট্ বিনৰ মাজলৈ চটিয়াই দিয়া টোপোলাবোৰৰ
মাজৰ পৰাই , বিচাৰি লোৱা , সেই সু – স্বাদু……
খাদ্য সম্ভাৰেৰে ।
চহৰৰ ককালচিঙ্গা , কেলেহুৱা কুকুৰবোৰেও ,
সিহঁতৰ লগে লগে লাগি ফুৰি…
নৰ – কংকালস্বৰূপ কিবাবোৰ –
টানি উলিয়াই আনিবৰ বাবেই
প্ৰয়োজন হৈ পৰেনেকি এই ডাষ্ট্ বিনবোৰৰ ?

একোটি অবোধ শিশুৰ
জন্মভূমি স্বৰূপ এই – কূপবোৰ……..
কি নামেৰে অংকিত হব পাৰে , নতুন বুৰঞ্জীত ???

সুষমা গোস্বামী শৰ্মা , ১৮ – ৫ – ২০২১
যোৰহাট ।