হাঁহিয়ে বিলায় ৰ’দৰ সুগন্ধি
দুলুমণি দেৱী,মাকুম
হাঁহিয়ে বিলায় ৰ’দৰ সুগন্ধি ৷হাঁহিত থাকে এক অফুৰন্ত শক্তি ৷ যি শক্তিয়ে পাহৰাই ৰাখে মানসিক অৱসাদ ,অশান্তি ইত্যাদি ৷লগতে হাঁহিয়ে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতাও বহুখিনি উপশম কৰিব পাৰে৷দৈনিক অলপ সময় হলেও হাঁহিৰ এক পৰিবেশ ঘৰখনত গঢ়ি তুলিব পাৰিলে ভাল ৷জীৱনটো ৰসাল আৰু মধুময় কৰি তুলিবলৈ হাঁহি হ’ল জীৱনৰ প্রধান মহৌষধ ৷
আজিকালি প্রাণ খুলি হাহিঁবলৈ পৰিবেশ পৰিস্থিতিৰ কথাও ভাবিবলগা হয় ৷ এই কথাখিনি নিজৰ অভিজ্ঞতাৰ পৰা অনুভৱ হয়৷ কিয়নো এবাৰ মই নিজেই তেনে এক পৰিস্থিতিৰ সন্মুখীন হৈ নিজকে অপৰাধী যেনেই অনুভৱ হৈছিল ,৷ বহুত দিনৰ পাছত যেতিয়া এঘৰ আত্মীয়ৰ ঘৰত গৈছিলো তেওঁলোক কর্মৰ বাবে গাঁৱৰ পৰা গৈ টাউনত থাকিবলগা হৈছিল ৷ আমাক দেখি হাঁহি ফুর্তিত কথা বার্তা পাতিবলৈ আৰম্ভ কৰি দিলে ৷ মইয়ো কথাৰ মাজতে এবাৰ খোলাকৈ যেতিয়া হাঁহিলো কাষৰ মানুহঘৰৰ পৰা ঘটংকৈ এটা শব্দ অহা যেন লাগিল ৷ জুমি চাই দেখো ঠিকেই তেওঁলোকে প্রথমে খিৰিকিয়ে দুবাৰমান জুমি চালে তাৰ পাছত আমাক একো নকৈ খিৰিকিখন ইমান বেচি জোৰে জপাই দিলে যে আমাৰ নিজৰে বেয়া লাগিল৷ আমি তেওঁলোকক অশান্তি দিয়া দৰে লাগিল ৷ গতিকে প্রাণখুলি হঁহাতকৈ মুখ টিপি হহাঁই ভাল বুলি ভাবিলো ৷ কিন্ত অভ্যাসবোৰতো ঘপহকৈ সলাব নোৱাৰি I মুকলি পৰিবেশ পালেই হাঃ হাঃ কৈ হাঁহিলেহে মনটো প্রফুল্লিত হয়৷
যি কি নহওঁক এই কথাখিনি এই কাৰণেই কোৱা হৈছে হাঁহিবলৈ আজিকালি ভিন্ন দিশৰ কথাও চিন্তা কৰিবলগা হৈছে ৷ বিশেষকৈ আগৰ দৰে পৰিবেশ নহয় ,আগতে মানুহৰ ঘৰবোৰ সেৰেঙা আছিল ,যিয়ে যেনেকৈ মন যায় হাঁহি মাতি থাকিব পাৰিছিল ৷ আজিকালি ঘন জনবসতি হোৱা পৰা এঘৰৰ খিৰিকি খুলিলেই অন্যঘৰৰ খিৰিকিত লগাৰ দৰে হয় ৷ গতিকে দর্জা খিৰিকি খোলোতেও সাৱধান হব লগা হয়৷তেনে পৰিস্থিতিত হাঁহিবলৈ হাজাৰবাৰ চিন্তা কৰিবলগা হয় ৷ তথাপিও আনৰ অসুবিধা নোহোৱাকৈ এটি পৰিবেশ অতি প্রয়োজন ৷নহলে ব্যস্ততাই আমাক সকলো পাহৰাই পেলাব Iমৰম স্নেহৰ ভাৱো বৃদ্ধি হয় হাঁহিৰ দ্বাৰা ,গতিকে হাঁহিটো ধৰি ৰখা বা আমাৰ সকলোৰে মাজত থকা উচিত ৷ হাঁহিৰ দ্বাৰা এটি সুন্দৰ বার্তাবৰণো সৃষ্টি হয়৷ গতিকে হাঁহিৰ গুৰুত্ব টথেষ্ট আছে৷
