হস্পিতালৰ এদিন
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
অনাকাংক্ষিত সময়ত
হস্পিতালত ক্ষন্তেকৰ ব্যস্ত দিন
বাৰটো আছিল
অন্তিম মাহৰ শুক্ৰবাৰ
দিনটো যেন আছিল অভিশপ্ত ।
হস্পিতালৰ ক’ৰিডত
ব্যস্ত ভৰিৰ খোজৰ
সেই খচ খচ শব্দৰ
মাজত হুইল চিয়াৰ আৰু
ষ্ট্ৰেটচ্চাৰৰ ঘৰ্ষণৰ শব্দ
তাতেই যেন এক যুদ্ধ।
জীয়াই থকাৰ আকুল
আৰাধনাৰ লগতে
সুস্থতাৰ আপ্ৰাণ চেষ্টা
য’ত বাজে নিত্যদিন কত
আতংকৰ ত্রাসৰ গান
আৰু মৃত্যুৰ তাণ্ডৱ।
কেতিয়াবা সুস্থ দেহৰ অধিকাৰী
জনও ভাগৰি হয় ক্লান্ত
ইটো কাউণ্টাৰৰ পৰা
সিটো কাউণ্টাৰলৈ
মাথোঁ দৌৰ আৰু দৌৰ।
অসুস্থ ৰোগীয়া এজনৰ লগত
যেন সুস্থজনো অসুস্থ হোৱাৰ পথত
তথাপিও আশাৰ ৰেঙনি টানি
থৰক-বৰক খোজে আগবাঢ়ে
বিশ্বাসৰ গাঁঠি টানকৈ বান্ধি।।
চৌদিশে মাত্ৰ ক্ষণে ক্ষণে
বাজি উঠে কান্দোনৰ প্ৰতিধ্বনি
লেবেজান শৰীৰৰ গেঙনি
আৰু লেহেমীয়া বতাহজাকে
কঢ়িয়াই ঔষধৰ চিনাকী গোন্ধ।
চৌদিশে মাথোঁ হাহাকাৰ
জীৱন যুদ্ধৰ পাকৈত যোদ্ধা হৈ
কোনোবা স্থিৰে থাকিব পাৰিছে
আকৌ কোনোবা লেৰেলী গৈছে
উফ্! সেয়া কি যে যন্ত্ৰণাময় দৃশ্য।
