হত্যা – শৈলেন কুমাৰ

Pc The Indian Express

হত্যা

শৈলেন কুমাৰ,মিৰ্জা

এদিন মোৰ হত্যা হ’ব
যিদিনা মোৰ মুখত
শুদ্ধ বাণীৰ সলনি জয়ধ্বনি হ’ব
সহায়ৰ বিনিময়ত লালসাই স্থান পাব

সেইদিনা মোৰ হত্যা হ’ব
যিদিনা কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ
আৰ্হিত নচলি,সহজলভ্য হ’ব সুলভ মুল্য

সমাজত অৰাজকতা,
নিচাহত উন্মক্ত নৱপ্ৰজন্ম
গুৰুগোসাই ক’ত হেৰাল
পুঁজিপতিৰ প্ৰৰোচনাত
কৰাল গ্ৰাসত আজিৰ সমাজ
সেইদিন যে নিচেই কাষত,হত্যা অনিবাৰ্য

খিলঞ্জীয়াৰ দাবী জাতি,মাটি আৰু ভেটি
আঁচনিত বিক্ৰী যায়,হেৰুৱালি মাতৃভূমি
সাম্প্ৰদায়িকতাৰ ৰাজনীতি,
নিজৰ মাজত ভেদাভেদ
কোন স্বদেশী,কোন বিদেশী ?

ভোটৰ অংক সৰ্বব্যাপী
হাতযোৰ কৰি বিলাই
চাউল,দালি আৰু চেনি
আত্মসন্মান যদি কৰা বিক্ৰী
ইতিহাসত থাকিব জানো সন্মান
বৰ অসমীয়া বুলি