হত্যাৰ অভিযোগত তেজপুৰত আটক সেনা বিষয়া
ৰঙিলী বাৰ্ত্তাসেৱা- হত্যাৰ গোচৰত জড়িত থকাৰ অভিযোগত তেজপুৰত এজন সেনা বিষয়াক আটক কৰা হৈছে। আটক কৰা সেনা বিষয়াজন লেঃ কৰ্ণেল অমৰিন্দৰ সিং ৱালিয়া বুলি চিনাক্ত কৰা হৈছে। অমৰিন্দৰ সিঙক তেজপুৰ আৰ্মি বেটেলিয়নৰ চতুৰ্থ কৰ্পৰ মুখ্য কাৰ্যালয়ৰ পৰা আটক কৰা হৈছে। বিষয়াজনক চাংসাৰী আৰক্ষীয়ে তেজপুৰ আৰক্ষীৰ সহযোগত আটক কৰিছে।উল্লেখ্য যে, চাংসাৰীত বিগত ১৫ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। মৃতদেহটো ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত পেলাই দিয়া হৈছিল। তেতিয়াৰ পৰা, চাংসাৰী আৰক্ষীয়ে হত্যাৰ আঁৰত জড়িত লোকক আটক কৰিবলৈ তালাচী অভিযান আৰম্ভ কৰে। ইপিনে, অমৰিন্দৰ সিং পঞ্জাৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তেওঁ বহু দিনৰ পৰা মহিলাগৰাকীৰ সৈতে প্ৰেমজনিত সম্পৰ্ক ৰক্ষা কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে।