হতাশগ্ৰস্ততাও হ’ব পাৰে জীৱনৰ আধাৰ – নিবেদিতা হাজৰিকা

হতাশগ্ৰস্ততাও হ’ব পাৰে জীৱনৰ আধাৰ
নিবেদিতা হাজৰিকা, লখিমপুৰ 
হতাশগ্ৰস্ততা এক মানসিক অৱস্থা  যি দুৰ্বল মনৰ পৰিচায়ক ।মানুহ আশাত জীয়াই থাকে।কিন্তু যেতিয়াই সেই আশা ভঙ্গ হয়,সপোন অপূৰ্ণ হৈ পৰা যেন অনুভৱ হয় তেতিয়াই মন ভাঙি পৰে, মন হতাশগ্ৰস্ত হয়। এই হতাশাৰ  সৃষ্টিৰ মূল কাৰণ  হৈছে দুৰ্বাৰ  জীৱন স্পৃহাৰ তাড়না।মনত পুহি ৰখা ইচ্ছা,সপোন,আশা-আকাঙ্খা সমূহ পূৰণ নহ’লেই বহুতৰ মন ভাঙি যায়। গভীৰ হতাশাগ্ৰস্ততাই মন আচ্ছন্ন কৰি তোলে।মনৰ শক্তি হেৰুৱাই বহুতে নিজক শেষ কৰি পেলোৱাৰ উপক্ৰম হয়।কম-বেছি পৰিমানে সকলো মানুহৰ জীৱনেই সংঘাতজৰ্জৰ। জীৱনৰ সংঘাতবোৰ মানুহ ভেদে , মানুহৰ শ্ৰেণীভেদে মাত্ৰ পৃথক হয়।ভোগ বা আশা-আকাংক্ষাৰ লিপ্সাৰ বাবেই বহু সময়ত  হতাশাগ্ৰস্ততাৰ চিকাৰ হোৱা দেখা যায় আজিৰ ভোগবাদী সমাজত হতাশগ্ৰস্ত লোকৰ সংখ্যা উদ্বেগজনক ভাবে   পৰিমানে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।সমস্যা ৰ সৈতে যুঁজ দিব পৰাকৈ মানুহ হৈও যেন খুব কম সময়তে  শক্তি হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈ পৰে।হতাশাই আগুৰি ধৰা সময়ত নিজৰ চিন্তা-চেতনা লোপ পায় আৰু জীৱনৰ প্ৰতি মোহভংগ হৈ নিজক নিঃশেষ কৰাৰ দৰে চৰম পন্থা এটা বাচি লয়।  সেই সময়ত হতাশগ্ৰস্ত জনৰ মনলৈ হয়তো এটা কথা নাহে যে-ভগৱানে একেলগে দুয়োটা ৰাষ্টা বন্ধ নকৰে। যদিহে এটা ৰাস্তা বন্ধ কৰে তেন্তে আন এটা ৰাস্তা নিশ্চয়কৈ খোলা ৰাখে।এই ধৰনৰ সকাৰাত্মক কথাবোৰে মনত শক্তি যোগায়। তেতিয়া যিমান বেয়া পৰিৱেশ-পৰিস্থিতি হ’লেও  মন হতাশগ্ৰস্ত নহয়। মানুহৰ জীৱন মানেই সমস্যাৰ সৈতে চলা এক অবিৰত সংগ্ৰাম। দুখ-যন্ত্ৰনাৰে ভৰা জীৱনকো মধুময় ৰূপত উপভোগ কৰিব পাৰি/উপভোগ কৰিব পাৰো  যদিহে আমি সংঘাট পূৰ্ণ জীৱনটোক হাঁহিৰে আঁকোৱালি ল’ব পাৰে।আমি সমস্যাৰ পৰা পলাবলৈ শিকাৰ পৰিৱৰ্তে সমস্যা সমূহক প্ৰত্যাহ্বান হিচাপে ল’বলৈ শিকিব পাৰিব লাগে। জীৱনৰ লক্ষ্যত উপনীত হওঁতে কেতিয়াবা বিফল হোৱাটো  স্বাভাৱিক। কিন্তু  ইয়াৰ অৰ্থ এইটো নহয় যে সকলো আশা শেষ হৈ গ’ল। এনেবোৰ ক্ষেত্ৰত বা সময়ত  মনৰ শক্তিয়ে মহৌষধৰ কাম কৰে।মন ভাঙি যোৱা মানেই উদ্যম হেৰাই যোৱা। এনে ভগ্ন মনত হতাশাই সহজে ঘৰ বান্ধে। এবাৰ হতাশাক প্ৰশ্ৰয় দিয়া মানেই মনটোক দুৰ্বল হ’বলৈ সুযোগ দিয়া।সেয়ে কোনো  কাৰণতে মন ভাঙি যাবলৈ  দিয়া উচিত নহয়।মানুহ মাত্ৰেই আশাধাৰী।অৰ্থাৎ মানুহ আশাতেই জীয়াই থাকে। তেনেস্থলত আশা যদি হতাশালৈ ৰূপান্তৰ হয় তেন্তে হতাশা মৃত্যুৰেই নামান্তৰ নহ’ব জানো?জীৱনত সুখ-দুখ দুয়োটা আছে বাবেই জীৱন ধুনীয়া। সফলতা-বিফলতা  জীৱনৰ আন এক মোহনীয় ৰূপ। বিফলতা,দুখ আদিবোৰ আছে বাবেই জীৱনৰ আছে আন এক মধুৰ সৌন্দৰ্য।জীৱনত কেতিয়াবা বিফল হোৱাটো  একো অস্বাভাৱিক নহয়। সেই বুলিয়ে হতাশ হোৱা অনুচিত।হতাশগ্ৰস্ততাও জীৱনৰ পাথেয় হ’ব পাৰে যদিহে আমি আমাৰ জীৱনলৈ অহা ধুমুহা,বিফলতা আদিৰ পৰা শিক্ষা লৈ জীৱনটোক  মধুৰ ৰূপত গঢ়ি তুলিব পৰাকৈ শক্তিশালী মনৰ অধিকাৰী হ’ব পাৰো। এনে শিক্ষা,এনে মনোভাবে হাজাৰ প্ৰত্যাহ্বান,বিফলতাক হাঁহি মুখে গ্ৰহণ কৰি জীৱনৰ আনন্দ ল’বলৈ মনত শক্তি প্ৰদান কৰে।স্বপ্নাতুৰ মানুহে যেতিয়া জীৱনৰ স্বপ্ন খেদি  খেদি নানা প্ৰকাৰৰ  কৰ্মত প্ৰবৃত্ত হয় তেতিয়া মানুহে স্বপ্নক বাস্তৱ ৰূপ দিয়াৰ আশাৰ ৰেঙণি দেখে।কিন্তু  সেই সপোন বাস্তৱ ৰূপ দিয়াত ব্যৰ্থ হ’লেই বা আশা নোহোৱা যেন দেখিলেই মনলৈ হতাশা আহে।যি হতাশাই জীৱন অন্ধকাৰময় বোধ কৰায়। মন দুৰ্বল হৈ পৰাৰ ফলত আৰু অধিক হতাশগ্ৰস্ততাই গা কৰি উঠে।নেতিবাচক চিন্তাই সকলোফালে আগুৰি ধৰে।লোভ,মোহ আদি যিদৰে মৌলিক অনুভূতি ঠিক সেইদৰে হতাশাও মানুহৰ এক সহজাত মৌলিক অনুভূতি।অৱশ্যে  সকলো মানুহৰ মনত সৃষ্টি হোৱা  হতাশাৰ কাৰণ সমূহ ভিন্ন।মানুহ ভেদে,মানুহৰ স্তৰ ভেদে জীৱনলৈ অহা হতাশাৰ কাৰণ সমূহো ভিন্ন হোৱা দেখা যায়।মানুহৰ জীৱন পথত আহি থকা বাধা/অসুবিধা সমূহৰ  সৈতে সাহস আৰু দৃঢ়তাৰে সৈতে যুদ্ধ কৰিবলৈ শিকিব লাগিব।এইটোৱে হৈছে হতাশাক জয় কৰি জীৱন উপভোগ কৰিব পৰা মূল মন্ত্ৰ।মানুহ হতাশ হয় মাত্ৰাধিক আকাংক্ষাৰ বাবে,ৰোগগ্ৰস্ততাৰ বাবে কিম্বা অৱধাৰিত ভাবে জীৱনলৈ  আহি থকা সমস্যা সমূহৰ বাবে।জীৱনৰ বিফলতাত মন ভাঙি যোৱাটোৱে স্বাভাৱিক। কিন্তু সেইবুলিয়ে সাহস হেৰুওৱা উচিত নহয়।জীৱনত সকলো কামত একেবাৰতে  সফল হোৱা  লোকৰ সংখ্যা নিশ্চয়কৈ আঙুলিৰ মূৰত লেখিব পৰা। বহুতে কম সময়তে ,কম আয়াসতে সফলতা প্ৰাপ্তিৰ সপোন দেখে বাবেই বিফল হ’লেই মন হতাশগ্ৰস্ত হয়। কিন্তু বুদ্ধিমান জনে মন নাভাঙি   আৰু অধিক কষ্ট ,বুদ্ধি প্ৰয়োগেৰে সেই কামত নিজক আত্মনিয়োগ কৰে। আৰু শেষত তেনে লোকে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়।কিয়নো শেষ পৰ্যন্ত তেনে লোকে আশা এৰি নিদি নিজৰ যত্ন,প্ৰয়াস আৰু সপোন অক্ষুণ্ণ ৰাখে।আমি  নিৰন্তৰ কৰ্মময় জীৱন যাপন কৰিবলৈ শিকা উচিত। কিয়নো কৰ্ম কেৱল ধৰ্মই নহয়,কৰ্মই জীৱনৰ বাট  সুগম কৰে, মনত আশাৰ সঞ্চাৰ কৰি জীয়াই থকাৰ আনন্দ প্ৰদান কৰে।জীৱন মানেই সংগ্ৰাম। সফলতা আমাৰ সকলোৰে কাম্য যদিও কেতিয়াবা সফলতাৰ মুখ দেখোতে ব্যৰ্থ হোৱাটো একো অস্বাভাৱিক নহয়। সহজতে সকলো পাবলৈ ইচ্ছা কৰা,সহজেই সপোন পূৰ হোৱাটো বহুতেই বিচাৰে।কিন্তু সহজ কাম,সহজতে লাভ কৰা সফলতাৰ মাদকতা খন্তেকীয়া।কিন্তু ইয়াৰ বিপৰীতে বিফলতাৰ পাছত লাভ কৰা সফলতাই মন আৰু জীৱন সমৃদ্ধ কৰি তোলে।সেয়ে বিফলতা,অসুবিধা আদিক হাঁহিমুখে প্ৰত্যাহ্বান জনাব পৰাকৈ আমি মানসিক ভাবে শক্তিশালী হ’ব পাৰিলে হাজাৰ ধুমুহাইও মন ভাঙিব নোৱাৰে। কিয়নো failure is the pille of success.হতাশগ্ৰস্ততাক জয় কৰিব পাৰিলেই জীৱনৰ জীৱন জীয়াই থকাৰ সাহস ঘূৰি আহিব। আমাৰ মনটোৰ ওপৰতে বহু কথা নিৰ্ভৰ কৰে। সেয়ে প্ৰথমে মনটো সৱল আৰু নিজৰ আয়ত্বলৈ আনি লোৱাটো খুবেই দৰকাৰী। হতাশগ্ৰস্ততাক জয় কৰি জীৱন উপভোগ কৰিবলৈ সক্ষম হোৱা জনহে প্ৰকৃত অৰ্থত যোদ্ধা।কিয়নো প্ৰকৃত যোদ্ধাই   সন্মুখ সমৰৰ পৰা পলায়ন   নকৰে কিন্তু যুদ্ধৰ কৌশল প্ৰয়োগ কৰি শত্ৰুক পৰাস্ত কৰিবলৈ শেষ পৰ্যন্ত চেষ্টা কৰে। কাপুৰুষৰ দৰে পলায়ন কৰা জন পুৰুষ নহয় কাপুৰুষ।  জীয়াই থাকিলেহে জীৱনৰ আনন্দ পোৱা যায়। হতাশাৰে জীৱনক বিধ্বস্ত হ’বলৈ দিয়াটো কোনো মতেই উচিত নহয়।