হঠাৎ দুৰ্ঘটনা – বিশ্বজিৎ বৈশ্য

pc- onmanorama

হঠাৎ দুৰ্ঘটনা

বিশ্বজিৎ বৈশ্য, নৃত্য পৰিচালক,শুৱালকুছি-বংশৰ

আমি নভৱাকৈয়ে দৈনন্দিন কামত কিছুমান আকস্মিক দুৰ্ঘটনা হৈ যায়। সময়ৰ গতি সলনি হোৱাৰ লগে লগে কোনো একো কাৰণ নোহোৱাকৈ যেন হৈ যায় দুৰ্ঘটনা।দিনটোৰ সময়বোৰ যেন একো একোটা ক্ষণৰ বিপৰিতে সৰু-বৰ দুৰ্ঘটনা শুনিবলৈ পোৱা দেখা যায়। ধেমেলীয়াকৈও হৈ যায় দুৰ্ঘটনা কিন্তু আমি গম নাপাও বা আওকাণ কৰো। চাব গলে কিন্তু সিও এক সৰু-বৰ দুৰ্ঘটনা স্বৰূপ। সঘনে আমি মটৰ চাইকেল, বাছ, স্কুটী, নাউ, জাহাজ ইত্যাদি বোৰত হোৱা দুৰ্ঘটনাৰ খৱৰ শুনিবলৈ পাওঁ। দুৰ্ঘটনাৰ ফলত বহুতে বহুত হেৰুৱালে। সেইবোৰ চকুৰ পলকতে নভৱাকৈয়ে শেষ হৈ যায়। সময়বোৰ প্ৰাকৃতিক সৌন্দর্যৰে ভৰপুৰ কিয়নো সময়ৰ লগে লগে প্ৰকৃতিয়ে নিজে নিজে সলনি হোৱা দেখা যায়। ঠিক তেনেদৰে দুৰ্ঘটনা এক সময়ৰ আহ্বান, কাৰণ একো গম নোপোৱাকৈ সময়ৰ গতিত দুৰ্ঘটনা হৈ যায়। বিকট শব্দই হঠাৎ হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ ওমান দিব পাৰে। এই সময়চোৱাত কিছু সাৱধানতা অৱলম্বন কৰাটো উচিত। সাৱধানতা আৰু ধৈর্যই হৈছে বিপদৰ পৰম গুণ।