হজযাত্ৰালৈ গৈ  প্ৰাণ হেৰুৱালে সহস্ৰাধিক তীৰ্থযাত্ৰীয়ে

হজযাত্ৰালৈ গৈ  প্ৰাণ হেৰুৱালে সহস্ৰাধিক তীৰ্থযাত্ৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- পবিত্র হজ পালন কৰিবলৈ গৈ অকালতে মৃত্যুক সাৱটিলে সহস্ৰাধিক লোকে ৷  প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি মক্কাত মৃত্যু হোৱা হজযাত্ৰীৰ সংখ্যা ১৩০০ৰো অধিকলৈ বৃদ্ধি হৈছে। গৰমৰ বাবেই মৃত্যু উপত্যকাত পৰিণত হৈছে পবিত্ৰ ভূমি মক্কা। প্ৰখৰ গৰম আৰু অকৰ্তৃত্বশীল ভ্ৰমণৰ বাবে অসংখ্য হজ যাত্ৰী তথা ৰোগীৰ মৃত্যু ঘটিছে । এক বিবৃতিত ছৌদি চৰকাৰে কয়, “স্বাস্থ্য বিভাগে চলিত বৰ্ষত উৎকট গৰমৰ ফলত অসুস্থ হৈ পৰা বহু লোকক সুস্থ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল, কিছুমান ব্যক্তিৰ এতিয়াও চিকিৎসকৰ তদাৰক চলি আছে । দুখৰ বিষয় যে মৃত্যুৰ সংখ্যা ১৩০১ হৈছেগৈ ।” প্ৰায় ৫২ ডিগ্ৰীৰ তাপমাত্ৰাই হজযাত্ৰীসকলক জুৰুলা কৰিছে। গৰমত মৃত্যু হোৱা হজ যাত্ৰীসকলৰ মাজত আছে ৯৮ জনৰো অধিক ভাৰতীয়। এতিয়াও মক্কাত সন্ধানহীন হৈ আছে বহু কেইজন। এই খবৰ নিশ্চিত কৰিছে চৌদি আৰৱৰ এক কূটনৈতিক নেতাই। মৃত্যুৰ তালিকাত পাকিস্তান, মালয়েছিয়া, জৰ্ডান, ইৰাণ, চেনেগাল, চুডান আৰু ইৰাকৰ লোকো আছে বুলি তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে, আৰাৱৰ আটাইতকৈ ডাঙৰ মৰ্গ হৈছে আল মুইজেম। এই আল মুইজেম এতিয়া মৃতদেহৰে ভৰি পৰিছে। সময় যিমানেই বাগৰিছে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এতিয়াও অসুস্থ হৈ আছে বহু হজ যাত্ৰী।