হংসবাহনা দেৱী সৰস্বতী
মীনাক্ষী ৰায় ডাকুৱা,
গোলকগঞ্জ, ধুবুৰী
দেৱী সৰস্বতী হিন্দুসকলৰ অন্যতম প্ৰিয় স্ত্ৰী-দেৱতা । জৈন আৰু বৌদ্ধধৰ্মতো সৰস্বতী বৰ জনপ্ৰিয় । বহিৰ্ভাৰতৰ তিব্বত, যৱদ্বীপ, জাপান, ৰাছিয়া, আফগানিস্থানতো সৰস্বতী-মূৰ্তি পোৱা গৈছে । বেদ, পুৰাণ, তন্ত্ৰ, সঙ্গীত, শিল্প, সাহিত্য, লোকগাথা—সকলোতে দেৱী সৰস্বতীৰ জয়গান । অৱশ্যে সৰস্বতী মূলতঃ বৈদিক দেৱতা । বেদত সংখ্যা আৰু সামৰ্থ্য উভয় বিচাৰতে পুৰুষ দেৱতাৰেই প্ৰাধান্য । বেদত বৰ্ণিত স্ত্ৰী-দেৱতাসকলৰ মাজত সৰস্বতীৰ উল্লেখেই সৰ্বাধিক আৰু তেওঁৰ মহিমাও অপৰিমিত । বৈদিক দেৱতা সৰস্বতী তন্ত্ৰ, পুৰাণ, কাব্য, ইতিহাসত স্ব-মহিমাৰে উজ্জ্বলৰ পৰা উজ্জ্বলতৰ ।
সৰস্বতীৰ “সৰস” শব্দৰ অৰ্থ আলোক বা জ্যোতি, পূৰ্ণতা আৰু প্ৰকাশ । গতিকে ‘সৰস’ শব্দৰ অৰ্থ আলোকময়ী বা জ্যোতিৰ্ময়ী, পূৰ্ণতা-প্ৰদাত্ৰী আৰু প্ৰকাশময়ী । সৰস্বতী আলোক-স্বৰূপিণী বা জ্যোতি-স্বৰূপিণী, পূৰ্ণতা-প্ৰদাত্ৰী আৰু সৰ্বপ্ৰকাশিনী । জগতক তেওঁ আলো আৰু পূৰ্ণতা দান কৰে । অন্ধকাৰ দূৰ কৰি বস্তুক প্ৰকাশমান কৰে । আধ্যাত্মিক অৰ্থত জ্ঞানেই প্ৰকৃত আলো বা জ্যোতি । জ্ঞানৰ প্ৰকাশেই মানুহৰ পূৰ্ণতা । জ্ঞানেই অজ্ঞানক দূৰীভূত কৰি নিত্যবস্তুক প্ৰকাশ কৰে । এই জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী হ’ল সৰস্বতী ।
বেদত “সৰস” শব্দৰ আদিম অৰ্থ “জল ।” বেদত সৰস্বতী নদীৰূপেও বন্দিতা । বেদত যি “সৰস্বান” শব্দটো পোৱা যায় তাৰ অৰ্থ “জলাধিপতি” বুলি কাৰো কাৰো মত । আকৌ অন্য কাৰো কাৰো মতে “সৰস” শব্দটোৰ আদিম অৰ্থ ‘জল’ নহয়, জ্যোতি । তেওঁলোকৰ মতে বেদত যি “সৰস্বান” শব্দটো পোৱা যায়, যি “সৰস” শব্দৰ পৰা নিষ্পন্ন—তাৰ অৰ্থ সূৰ্য । সূৰ্যৰ সৈতে জ্যোতিৰ সম্পৰ্ক অচ্ছেদ্য । “সৰস্বান” অৰ্থাৎ জ্যোতিষ্মান বা জ্যোতিৰ্ময় । “সৰস্বান” ৰ স্ত্ৰীলিঙ্গ হ’ল সৰস্বতী ।
“সৰস” শব্দৰ আন অৰ্থও আছে—যি নিতান্তই আধ্যাত্মিক । সেই অৰ্থ হ’ল গতি, স্পন্দন, চঞ্চলতা । “সৰস” মানে চঞ্চলতা—সৃষ্টিৰ চঞ্চলতা, প্ৰাণৰ ঢউ, আনন্দৰ জোৱাৰ, ৰসৰ সাগৰ । এককথাত—ব্ৰহ্মাণ্ড জুৰি যিমান স্পন্দন, যিমান ঢউ সেই সকলোবোৰ “সৰস।” এই ভুবনভৰা চিৰ চঞ্চলতাক যিয়ে ধাৰণ কৰি আছে—তেঁৱেই “সৰস্বতী ।” সৃষ্টিৰ প্ৰাণৰ উৎস এই চঞ্চলতা প্ৰকাশ পাইছে শব্দ হৈ, আলো হৈ, সুৰ হৈ, গান হৈ, মানুহৰ মুখৰ কথা হৈ, মন হৈ, বুদ্ধি হৈ, ইন্দ্ৰিয় হৈ—সকলো হৈ । জীৱনৰ যত শব্দ, যত আলো, যত সুৰ, যত কথা, মন-বুদ্ধি-ইন্দ্ৰিয়ৰ যত ক্ৰীড়া—এই সকলোবোৰৰ উৎস হ’ল দেৱী সৰস্বতী । অম্ভৃণ ঋষিৰ কন্যাৰূপে আৱিৰ্ভূতা দেৱী বাক্ আত্মোপলব্ধিৰ এক মাহেন্দ্ৰক্ষণত ঋক্বেদত ঘোষণা কৰিলে—”ময়েই বিশ্ব-ব্ৰহ্মাণ্ডৰ ঈশ্বৰী ।” কাৰো কাৰো মতে দেৱী বাক্ হ’ল সৰস্বতী । বাক্ আৰু সৰস্বতী অভিন্ন—”বাক্ বৈ সৰস্বতী ।” সৃষ্টিৰ আদি কাৰণ বাক্ বা শব্দ (Logos) । সেয়ে বাক্—অক কোৱা হয় ব্ৰহ্ম—বাক্ ব্ৰহ্ম বা শব্দ ব্ৰহ্ম । বৃহদাৰণ্যক উপনিষদত কোৱা হৈছে ঃ বাক্—য়েই ব্ৰহ্ম—”বাক্ বৈ ব্ৰহ্ম ।” বাক্ বা শব্দৰ যিয়েই অধিষ্ঠান বা আশ্ৰয়— তেৱেঁই বাক্—ৰ অধিষ্ঠাত্ৰী বা বাগ্দেৱী । তেঁৱেই সৰস্বতী । ব্ৰহ্মা সৃষ্টিৰ অধীশ্বৰ । সৃষ্টিৰ আদি কাৰণ বাক্ বা শব্দৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী । সেইকাৰণে সৰস্বতী ব্ৰহ্মাৰ আত্মশক্তিৰূপে ব্ৰহ্মাৰদ্বাৰা সম্বৰ্ধিত ।
বৈদিক সভ্যতাৰ উন্মেষলগ্নত দেৱতা সৰস্বতীৰ চিন্ময় তনু সৃজন হৈছিল । সৰস্বতীৰ তিনিটা ৰূপ—তেঁও মাতৃশ্ৰেষ্ঠা, নদীশ্ৰেষ্ঠা আৰু দেৱীশ্ৰেষ্ঠা । বেদৰ ব্ৰাহ্মণ—পৰ্বত মাতৃশ্ৰেষ্ঠা, নদীশ্ৰেষ্ঠা আৰু দেৱীশ্ৰেষ্ঠা সৰস্বতী বিবৰ্তনৰ পথেৰে হৈ উঠিল জ্ঞান আৰু বিদ্যাৰ একমাত্ৰ অধিষ্ঠাত্ৰী দেৱী । এই হৈ উঠাৰ পাছতো নিশ্চয়কৈ বাক্ আৰু সৰস্বতীৰ অভিন্নতাৰ ধাৰণা ক্ৰিয়াশীল আছিল । অৱশ্যে নদী সৰস্বতীৰ বিনশনৰ পিছত তেঁওৰ মাতৃ আৰু নদী স্বৰূপ দেৱী স্বৰূপৰ সৈতে মিলি এক হৈ গৈছিল আৰু তেওঁ এক বিশিষ্ট আকৃতিও প্ৰাপ্ত হৈছিল । কাৰণ বৈদিক সাহিত্যত সৰস্বতীৰ কৰ্ম আৰু মহিমাৰ নানা বৰ্ণনা থাকিলেও তেওঁৰ আকৃতিৰ কোনো সুনিৰ্দিষ্ট উল্লেখ পোৱা নাযায় । ঋকৰ ভাষ্যত কোৱা হৈছে ঃ ” দ্বিৰ্বিধা হি সৰস্বতী বিগ্ৰহবদ্দেৱতা নদীৰূপা চ”—সৰস্বতীৰ দুই ৰূপ, বিগ্ৰহবতী দেৱতা আৰু নদীৰূপা । “বিগ্ৰহবতী” অৰ্থাৎ জ্যোতিৰ্ময়ী সৰস্বতীৰ মন্ত্ৰময় বিগ্ৰহ । কাৰণ, বৈদিক যুগত মূৰ্তিপূজাৰ প্ৰচলন নাছিল । অৱশ্যে আকৃতিৰ স্পষ্ট উল্লেখ নাথাকিলেও ঋক্বেদত তেওঁক “হে শুভ্ৰে” বুলি কৰা সম্বোধনত তেওঁৰ শুভ্ৰ বৰ্ণৰ ইঙ্গিত আছে । ঋক্বেদৰ ক’ৰবাত ক’ৰবাত সৰস্বতীক সূৰ্যাগ্নিৰ দ্যুতি বা জ্যোতি, নদীসমূহৰ ভিতৰত শুদ্ধতমা ইত্যাদি ৰূপে বৰ্ণনা কৰা হৈছে । পৰবৰ্তী কালত তেওঁৰ শ্বেত বৰ্ণ, শ্বেত বস্ত্ৰ, শ্বেত অলঙ্কাৰৰ বৰ্ণনাত অথবা “সৰ্বশুক্লা সৰস্বতী”ৰ বন্দনাত যি মহাশ্বেতা ৰূপৰ কল্পনা কৰা হৈছে তাত তেওঁৰ বৈদিক জ্যোতিৰ্ময়ী, জ্ঞানদাত্ৰী স্বৰূপৰ ছায়াপাত ঘটিছে। “গীতা”ত শ্ৰীকৃষ্ণই কৈছে, জ্ঞানতকৈ পবিত্ৰ আন একো নাই । সৰস্বতী হ’ল সেই নিৰ্মল জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী । অজ্ঞানতাৰ অন্ধকাৰ দূৰ কৰি তেওঁ জ্ঞানৰ জ্যোতি প্ৰকাশ কৰে । এই জ্ঞান প্ৰকৃততে অধ্যাত্ম জ্ঞান, এই বিদ্যা প্ৰকৃততে নিগূঢ় বিদ্যা—যি জ্ঞান বা বিদ্যা কেৱলমাত্ৰ সত্বগুণৰ বিকাশৰ দ্বাৰাই লাভ কৰা সম্ভৱ । সৰ্বমালিন্য-মুক্তি নঘটিলে সত্বগুণৰ বিকাশ নহয় । সেইবাবে সত্বগুণময়ী জ্যোতিঃস্বৰূপিনী, বিদ্যাৰূপিনী আৰু পবিত্ৰতাবৰ্ষিণী সৰস্বতীৰ অঙ্গৰ বৰণেই কেৱল শুভ্ৰ নহয়, শুভ্ৰ চন্দনেৰে চৰ্চিত তেওঁৰ অঙ্গও । তেওঁৰ পোছাক শুভ্ৰ, তেওঁৰ অলঙ্কাৰ শুভ্ৰ, তেওঁ বহি থকা পদুমফুলো শুভ্ৰ । তেওঁৰ হাতত থকা বেদ-বেদাঙ্গাদি শাস্ত্ৰ আৰু বাদ্যযন্ত্ৰ বীণাৰ বৰ্ণও শুভ্ৰ । তেওঁৰ বাহন হংসৰ বৰ্ণও শুভ্ৰ । সেয়ে তেওঁ “সৰ্বশুক্লা সৰস্বতী ।”
নিৰ্মল জ্ঞানৰ ঐশ্বৰ্যই মানুহৰ চৰম শক্তি । অন্তৰৰ ঐশ্বৰ্যেৰে যিজন ঐশ্বৰ্যবান, তেৱেঁই সকলোতকৈ শক্তিমান । য’ত সত্বগুণৰ চুড়ান্ত বিকাশ, তাতেই মানৱমহিমাৰ পৰিপূৰ্ণতা । ভাৰতৰ ঋষি, সাধক, আচাৰ্যসকলে জ্ঞান, অন্তৰৰ বৈভৱ সত্বগুণৰ আধাৰস্বৰূপাৰূপে দেৱী সৰস্বতীৰ কল্পনা কৰিছে আৰু তেওঁৰ আৰাধনাত মানৱমহিমাৰ সাৰ্থক বিকাশ সম্ভৱ বুলি ঘোষণা কৰিছে ।
সৰস্বতীৰ হাতৰ বীণা সাধাৰণ নহয়, সেই বীণা ব্ৰহ্মবীণা । সেই বীণাত সদা গুঞ্জৰিত ওঙ্কাৰধ্বনি বা প্ৰণৱনাদ । বেদ, বেদান্ত, বেদাঙ্গ, ইতিহাস, পুৰাণ, কাব্য আৰু সঙ্গীতত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সেই ব্ৰহ্মনাদৰেই মূৰ্ছনা । জীৱনত যেতিয়া সুৰৰ অভাৱ ঘটে, তেতিয়াই জীৱনলৈ নামি আহে অশান্তি, বিশৃংখলতা । সকলো সুৰৰ উৎস ওঙ্কাৰধ্বনি, সকলো বাণী আৰু বৰ্ণৰো উৎস ওঙ্কাৰধ্বনি । মানুহৰ জীৱনৰ শৃংখলাৰ বাবে, জগতৰ শান্তিৰ বাবে, জীৱনৰ সুৰৰ বাবে মানুহৰ অন্তৰত বাজি থাকে ভাৰতীৰ বৰবীণা ।
সৰস্বতীৰ হাতত থকা পুস্তক সাধাৰণ পুস্তক নহয়, সেয়া চতুৰ্বেদ—শ্ৰুতি, যাৰ মাজত আছে জগতৰ প্ৰাচীন ঋষিসকলৰ অতীন্দ্ৰিয় অনুভূতিলব্ধ সত্য আৰু জ্ঞানৰাশি । মানুহ আহে, মানুহ যায়, যুগ সলনি হয়, সমাজ পৰিবৰ্তিত হয় । সমাজ ৰই নাথাকে । ৰুচি, আদৰ্শ, প্ৰথা সকলো যুগভেদে কালভেদে পৰিবৰ্তন হয় । কিন্তু পৰিবৰ্তন নহয় শ্ৰুতিত থকা আৰ্য ঋষিসকলৰ উপলব্ধ সত্য আৰু জ্ঞানৰাশি । সেই চিৰন্তন সত্য আৰু জ্ঞানৰাশিৰ উৎস সৰস্বতী । সেয়ে তেওঁৰ হাতত থাকে বেদৰূপী চিৰন্তন সত্য আৰু জ্ঞান ।
সৰস্বতীৰ বাহন হংস । সৰস্বতীৰ যিবিলাক মূৰ্তি পোৱা গৈছে, তাত অৱশ্যে মেষ, সিংহ, ময়ুৰ আৰু হংসক তেওঁৰ বাহনৰূপে দেখা যায় । সৰস্বতীৰ সিংহ আৰু মেষ বাহন বৈদিক প্ৰমাণৰ দ্বাৰাও সমৰ্থিত। কাৰো কাৰো মতে, সৰস্বতী নদীৰ তীৰত ময়ুৰৰ আধিক্যৰ বাবে ময়ুৰ সৰস্বতীৰ বাহনৰূপে গৃহীত হৈছে । সিংহবাহনা সৰস্বতীৰ কল্পনা প্ৰধানতঃ বৌদ্ধ কল্পনা । প্ৰসঙ্গত উল্লেখ্য যে, মাৰ্কণ্ডেয় পুৰাণৰ অন্তৰ্গত “শ্ৰীশ্ৰীচণ্ডী”ৰ শুম্ভ-নিশুম্ভ বধ উপাখ্যানত দেৱতা সৰস্বতী । শুম্ভ-নিশুম্ভ বিনাশিনী মহাসৰস্বতী দুৰ্গা বা চণ্ডীৰেই এক ৰূপ । বেদৰ ‘বৃত্ৰঘ্নী’ সৰস্বতীৰ পুৰাণৰ ‘শুম্ভাদিদৈত্যাৰ্দিনী’ সৰস্বতীত ৰূপান্তৰৰ তত্বটো “শ্ৰীশ্ৰীচণ্ডী”ত দেৱীৰ নিজৰ মুখেৰেই উদ্ঘোষিত হৈছে ঃ “একৈবাহং জগত্যত্ৰ দ্বিতীয়া কা মমাপৰা ?”—বিশ্বব্ৰহ্মাণ্ডত মই অকলেই বিৰাজিতা, মোৰ বাহিৰে আৰু কোন আছে ? সৰস্বতীয়ে অজ্ঞান-তিমিৰান্ধ শুম্ভক এই অদ্বৈত জ্ঞান দান কৰিছিল । সৰস্বতী আৰু দুৰ্গা যে অভিন্ন, সেয়া মহাভাৰতৰ অৰ্জুনৰ দুৰ্গাস্তোত্ৰৰ দ্বাৰাও প্ৰমাণিত ।
মেষ, সিংহ, ময়ুৰ কেতিয়া, কেনেকৈ সৰস্বতীৰ বাহন হোৱাৰ গৌৰৱৰ পৰা বিচ্যুত হৈছে, আৰু হংস স্থায়ী বাহনত্বৰ মৰ্যাদা লাভ কৰিছে তাক কোৱা টান । তথাপি সৰস্বতী সম্পৰ্কে শাস্ত্ৰসমৰ্থিত ধাৰণাৰ সৈতে তেওঁৰ হংস-বাহনত্ব অধিকতৰ সামঞ্জস্যপূৰ্ণ । “হংস” শব্দৰ আধ্যাত্মিক তাৎপৰ্য হ’ল “আত্মজ্ঞানী ।” “হংস” শব্দটো ‘অহং সঃ’ বা ‘সঃ অহম্'(সোঽহম্)— এই আত্মচৈতন্যসূচক মহাবাক্যৰ সংক্ষিপ্ত বা পৰিবৰ্তিত ৰূপ । জ্ঞান আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ কৃপাত মানুহৰ অন্তৰত আত্মভাৱনা জাগ্ৰত হয় আৰু পৰিশেষত মানুহে আত্মজ্ঞান বা “তত্বমসি” জ্ঞান লাভ কৰে । সৰস্বতীৰ হংস-বাহনত্বত সেই তাৎপৰ্য সূচিত । হংস পানী বা জলত বিচৰণ কৰিলেও এটোপ পানীও তাৰ গাত নালাগে । আত্মজ্ঞানী সাধক হংসৰ দৰেই সংসাৰত থাকিলেও তেওঁ সংসাৰ নিৰ্লিপ্ত, সংসাৰৰ মালিন্য তেওঁক স্পৰ্শ কৰিব নোৱাৰে । আত্মজ্ঞানীৰ সাধনা, আচৰণ আৰু স্বৰূপ—ৰ সুস্পষ্ট ধাৰণা হংসৰ বৈশিষ্ট্যৰ বিশ্লেষণৰ পৰা পোৱা যায় । কিংবদন্তি অনুসৰি পানী আৰু গাখীৰ একেলগে মিহলাই দিলেও হংসই পানী বাদ দি গাখীৰখিনিহে গ্ৰহণ কৰিব পাৰে । ভোগ, সুখ, ধন, জন,মান, যৌৱন—সংসাৰত এইবোৰ অনিত্য বা অসাৰ বস্ত । সাৰ বা নিত্য বস্ত হ’ল ঈশ্বৰত ভক্তি আৰু বিশ্বাস । গতিকে সংসাৰত সাধনাৰ উপায় হ’ল হংসৰ দৰে বিচাৰ বা বিবেকক আশ্ৰয় কৰা । বেদান্ত আৰু তন্ত্ৰৰ মতে হংস পৰমাত্মাৰ প্ৰতীক । আকৌ, ‘হংস’ পৰমাত্মাৰ বোধকো । ‘হংস’ বা ‘অহং সঃ”—এই ‘অজপা গায়ত্ৰী’ জপ কৰিলে সাধক পৰম জ্ঞানেৰে প্ৰতিষ্ঠিত হ’ব পাৰে । ‘হংস’ মন্ত্ৰ জপৰদ্বাৰা সাধক ‘হংস’ৰ অৰ্থাৎ পৰমব্ৰহ্মৰ লগত অভেদ জ্ঞান লাভ কৰি সংসাৰচক্ৰৰ পৰা মুক্তিলাভ কৰে । কিন্তু সাধনা আৰু সিদ্ধিৰ পথ বৰ দুৰ্গম । সেই দুৰ্গম পথেৰে যাবলৈ সাধকৰ অহোপুৰুষাৰ্থৰ লগতে প্ৰয়োজন সৰস্বতীৰ কৰুণা । জ্ঞান(হংস) আৰু জ্ঞানৰ লক্ষ্য (হংস) সম্পৰ্কে সম্যক ধাৰণাৰ মাধ্যমত অৰ্থাৎ হংসৰ মাধ্যমত ব্ৰহ্মাণী আৰু ব্ৰহ্মবিদ্যাস্বৰূপিণী সৰস্বতীৰ কৰুণা লাভ কৰিব পৰা যায় । সৰস্বতী সেইকাৰণেই হংসবাহনা ।
মহাশ্বেতা সৰস্বতীৰ বাহন হংসৰ বৰণ শ্বেত হোৱাৰ কাৰণ হ’ল—সৰ্বসত্বময়ী শুভ্ৰাক বহন কৰিবলৈ হ’লে তেওঁৰ বাহনকো সৰ্বসত্বময় হ’ব লাগিব । সাধকে সাধনাৰ মাধ্যমত সৰ্বশুদ্ধ আৰু অপাপবিদ্ধ হ’লেহে সৰস্বতী তেওঁৰ মাজত নিজক মূৰ্ত কৰে ।
হংস যেতিয়া পানীত বিচৰণ কৰে, তেতিয়া তাৰ গতি ঋজু আৰু জড়তাহীন । সংসাৰত আত্মজ্ঞানীৰ বিচৰণো তেনেকুৱাই । অজ্ঞানৰ তিমিৰ আৰু কুঁৱলী ছিন্ন-বিছিন্ন কৰি জ্ঞানৰ নিৰ্মল সৰোবৰত তেওঁৰ ছন্দময়, কাব্যময়, জ্যোতিৰ্ময় অভিযাত্ৰা । সেয়েহে শীতৰ শেষত কুঁৱলী আৰু জড়তাৰ অৱসানত, বিশ্বপ্ৰকৃতিৰ বুকুত যেতিয়া জাগি উঠে নৱ-জীৱনৰ সম্ভাৱনা, তেতিয়াই বাসন্তী পঞ্চমী বা শ্ৰীপঞ্চমীৰ প্ৰভাতত বাজি উঠে বীণাবাদিনী সৰস্বতীৰ বোধনশংখ । তেওঁক অভ্যৰ্থনা কৰাৰ বাবে প্ৰকৃতি তেতিয়া প্ৰস্তুত । তেওঁৰ মহাপ্ৰকাশৰ লগ্নত নতুন ফুল-পাতেৰে সুৰভিত সুসজ্জিত গছ-লতা, সেউজ সুষমাৰে পূৰ্ণ বসুন্ধৰা । অতি ধীৰ মলয় সমীৰণত শিহৰিত দশোদিশ, আকাশ-পৃথিৱী মুখৰিত চৰাইৰ কলতানত । আকাশ মধুময়, বতাহ মধুময়, জল মধুময় । মধু ঋতুত হৃদয়ক মধুময় কৰিবলৈ, জীৱনক মধুময় কৰিবলৈ, পূৰ্ণ কৰিবলৈ, আলোকময় কৰিবলৈ আহে তেওঁ—”সৰ্বশুক্লা সৰস্বতী ।”