হংকঙৰ বিশাল হাউচিং কমপ্লেক্সত ভয়ংকৰ অগ্নিকাণ্ড

Pc South China Morning Post

হংকঙৰ বিশাল হাউচিং কমপ্লেক্সত ভয়ংকৰ অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- চীনৰ হংকং চহৰত ভয়ংকৰ অগ্নিকাণ্ড ।  হংকঙৰ বিশাল হাউচিং কমপ্লেক্সত ভয়ংকৰ অগ্নিকাণ্ড । বুধবাৰে সংঘটিত এই অগ্নিকাণ্ডত ৪৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হৈছে। ইফালে বহু লোক নিৰুদ্দেশ হোৱা হৈ আছে। বুধবাৰে বিয়লি ২০০০ টা এপাৰ্টমেণ্ট থকা ৮ টা অট্টালিকাৰ এটা হাউচিং কমপ্লেক্সত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । ই বিশ্বৰ ঘন জনবসতিপূৰ্ণ আৰু ওখ আৱাসিক ব্লকৰ ভিতৰত অন্যতম চহৰখনৰ উত্তৰ দিশত থকা টাই প’ জিলাৰ এই ৱাং ফুক ক’ৰ্ট ।অগ্নিকাণ্ডৰ ফলত অঞ্চলত আতংকৰ সৃষ্টি হয়। লগে লগে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিৰ্বাপনৰ পিছতো বৃহস্পতিবাৰে পুৱালৈ কেইবাটাও এপাৰ্টমেণ্ট জ্বলিয়ে আছিল । আৰক্ষীয়ে জনোৱা মতে এই ঘটনাত জড়িত ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তাত মেৰামতিৰ কাম চলি আছিল আৰু জ্বলি থকা সামগ্ৰী তাতেই এৰি গৈছিল অভিযুক্তসকলে । যাৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । জানিব পৰা মতে মেৰামতিৰ কামত ব্যৱহৃত বাঁহত প্ৰথমে জুইৰ সূত্ৰপাত হৈছিল আৰু সেই জুই ৱাং ফুক ক’ৰ্টৰ সমগ্ৰ এপাৰ্টমেণ্টবোৰত বিয়পি পৰিছিল ।বাঁহবোৰ জ্বলি গোটেই অট্টালিকাবোৰ ধোঁৱাময় কৰিছিল ।